• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid 19 | ভাৰতত বিগত ২৪ ঘণ্টাত ৩৩২৪জন নতুনকৈ আক্ৰান্ত কোভিডত, আক্ৰান্তৰ সংখ্যা ১৯০০০ অতিক্ৰম

Covid 19 | ভাৰতত বিগত ২৪ ঘণ্টাত ৩৩২৪জন নতুনকৈ আক্ৰান্ত কোভিডত, আক্ৰান্তৰ সংখ্যা ১৯০০০ অতিক্ৰম

শনিবাৰে ভাৰতত কোৰোণা সংক্ৰমণৰ ৩৬৮৮টা নতুন কেছ পোহৰলৈ আহিছিল। দিল্লীত সৰ্বাধিক ১৫২০জন আক্ৰান্ত হৈছে।

শনিবাৰে ভাৰতত কোৰোণা সংক্ৰমণৰ ৩৬৮৮টা নতুন কেছ পোহৰলৈ আহিছিল। দিল্লীত সৰ্বাধিক ১৫২০জন আক্ৰান্ত হৈছে।

শনিবাৰে ভাৰতত কোৰোণা সংক্ৰমণৰ ৩৬৮৮টা নতুন কেছ পোহৰলৈ আহিছিল। দিল্লীত সৰ্বাধিক ১৫২০জন আক্ৰান্ত হৈছে।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাবলৈ লৈছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৩৩২৪ জন লোক। দেশৰ ৫খন ৰাজ্যত অধিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। বৰ্তমান দেশত কোৰোণাৰ সক্ৰিয় ঘটনাৰ সংখ্যা ১৯০৯২জন। বিগত ২৪ ঘণ্টাত সক্ৰিয় ঘটনা ৪০৮টা বৃদ্ধি হৈছে। মৃত্যু হৈছে ৪০জন লোকৰ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, শনিবাৰে ভাৰতত কোৰোণা সংক্ৰমণৰ ৩৬৮৮টা নতুন কেছ পোহৰলৈ আহিছিল। দিল্লীত সৰ্বাধিক ১৫২০জন আক্ৰান্ত হৈছে। ইয়াৰ পিছত হাৰিয়ানাত ৪৯০জন, কেৰালাত ৩৩৭জন, উত্তৰ প্ৰদেশ ২৭৫জন আৰু মহাৰাষ্ট্ৰত ১৫৫জন আক্ৰান্ত হৈছে। বৰ্তমান দেশত কোৰোণা ভাইৰাছত সংক্ৰমিত ঘটনাৰ মূঠ সংখ্যা ৪,৩০,৭৯,১৮৮টা। আনহাতে, এই মহামাৰীৰ ফলত ৫,২৩,৮৪৩জন লোকে প্ৰাণ হেৰুৱাইছে।

দেশত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হোৱা মুঠ সংখ্যাৰ ৮৩.৫৪ শতাংশ ঘটনা দিল্লী, হাৰিয়ানা, কেৰালা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ। কেৱল দিল্লীত ৪৫.৭৩ শতাংশ নতুন ঘটনা পোহৰলৈ আহিছে। ভাৰতত ৰিক’ভাৰী ৰেট এতিয়া ৯৮.৭৪ শতাংশ। বিগত ২৪ ঘণ্টাত মুঠ ২ হাজাৰ ৮৭৬জন লোক সুস্থ হৈ উঠিছে। দেশত এইপৰ্যন্ত মুঠ সুস্থ হোৱা লোকৰ সংখ্যা ৪ কোটি ২৫ লাখ ৩৬ হাজাৰ ২৫৩জন।
Published by:Sanjay Kumar Das
First published: