• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰথমবাৰৰ বাবে দেশত পুৰুষতকৈ বাঢ়িল মহিলাৰ সংখ্যা, প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ১০২০ গৰাকী মহিলা 

প্ৰথমবাৰৰ বাবে দেশত পুৰুষতকৈ বাঢ়িল মহিলাৰ সংখ্যা, প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ১০২০ গৰাকী মহিলা 

এই জৰীপত আন এটা মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে। দেশত হ্ৰাস পাইছে প্ৰজনন ক্ষমতা।

এই জৰীপত আন এটা মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে। দেশত হ্ৰাস পাইছে প্ৰজনন ক্ষমতা।

এই জৰীপত আন এটা মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে। দেশত হ্ৰাস পাইছে প্ৰজনন ক্ষমতা।

  • Share this:
বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা পঞ্চমটো National Family Health Surveyত প্রকাশ পাইছে কিছু আশাব্যঞ্জক তথ্য। প্রথমবাৰৰ বাবে দেশত পুৰুষতকৈ মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে এই জৰীপৰ পৰা। দেশত এতিয়া প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ১০২০গৰাকী মহিলা আছে।  ১৯৯০ চনত অৰ্থনীতিবিদ নবেল বঁটা বিজয়ী আমৰ্ত্য সেনে “Missing Women” শব্দ লানি উত্থাপন কৰিছিল কাৰণ তেতিয়া প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মাত্ৰ ৯২৭গৰাকীহে মহিলা আছিল।

উল্লেখযোগ্য যে ২০০৫ চনৰ জৰীপত দেশত সমান সংখ্যক পুৰুষৰ আৰু মহিলাৰ থকাৰ তথ্য প্ৰকাশ পাইছিল। কিন্তু ২০১৫-১৬ বর্ষত আকৌ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৯১গৰাকী মহিলা আছিল । কিন্তু এইবাৰ প্রথমবাৰৰ কাৰণে মহিলাৰ সংখ্যাই পুৰুষক অতিক্ৰম কৰিছে। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ১৪খন ৰাজ্যৰ শিশু স্বাস্থ্য, প্ৰজনন, জন্ম, জনসংখ্যা, পোষণ আদি সম্বন্ধীয় জৰীপৰ ফলাফল মুকলি কৰে। আন কেইখন ৰাজ্যৰ ফলাফল যোৱা ডিচেম্বৰ মাহতে প্ৰকাশ পাইছিল।

উল্লেখযোগ্য এই জৰীপত আন এটা মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে। দেশত হ্ৰাস পাইছে প্ৰজনন ক্ষমতা। ভাৰতত Total Fertility Rate হ্ৰাস পাই হৈছেগৈ ২.০। অৰ্থাৎ এগৰাকী মহিলাই তেওঁৰ জীৱনকালত ২টা সন্তান জন্ম দিয়ে। NFHSৰ চতুর্থটো জৰীপত এই পৰিসংখ্যা আছিল ২.২। এই পৰিসংখ্যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি Population Foundation of Indiaই এখন প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি  কয় – এয়া ভাৰতৰ পৰিয়াল পৰিকল্পনাৰ ফচল আৰু এই তথ্যই প্ৰমাণ কৰে দেশত জনসংখ্যা বিস্ফোৰণ হোৱাৰ অৱকাশ নাই; গতিকে বলপূৰ্বক জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজন নাই। জন্ম নিৰোধক ব্যৱহাৰ আৰু বন্ধ্যাকৰণ পুৰুষতকৈ মহিলাই বহু বেছি কৰাৰ তথ্যত উদ্বেগ প্ৰকাশ কৰে বেচৰকাৰী প্ৰতিষ্ঠানটোৱে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত অসম অসম সম্বন্ধীয় কিছু তথ্য NFHSয়ে প্ৰকাশ কৰিছিল। সেই তথ্যত অসমতো প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছিল। অসমত TFR ১.৯ যি সৰ্বভাৰতীয় পৰ্যায়তকৈ কম। কিন্তু ২০১৫–১৬বর্ষত TFR আছিল ২.২।
Published by:Sanjay Kumar Das
First published: