মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধি, ২৯খনলৈ বৃদ্ধি হ'ল ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা, ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিল আৰু ৩খন ৰাফেল

ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধি, ২৯খনলৈ বৃদ্ধি হ'ল ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা, ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিল আৰু ৩খন ৰাফেল

News18 Assam | News18-Assam
Updated:October 14, 2021, 8:55 AM IST
ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধি, ২৯খনলৈ বৃদ্ধি হ'ল ৰাফেল যুঁজাৰু বিমানৰ সংখ্যা, ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিল আৰু ৩খন ৰাফেল
এই ৩খন ৰাফেল এয়াৰক্ৰাফটে পঞ্জাৱৰ আম্বালৰ গ’ল্ডেন এয়াৰ স্কোৱাড্ৰনত চামিল হ'ব বুলিও জানিব পৰা গৈছে।

এই ৩খন ৰাফেল এয়াৰক্ৰাফটে পঞ্জাৱৰ আম্বালৰ গ’ল্ডেন এয়াৰ স্কোৱাড্ৰনত চামিল হ'ব বুলিও জানিব পৰা গৈছে।

  • Share this:
ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ভাল খবৰ। বুধবাৰৰ দিনা ভাৰতীয় বায়ু সেনাত নতুনকৈ সংযোজিত হ'ল আৰু ৩খন ৰাফেল যুঁজাৰু বিমান। বুধবাৰে মাজনিশা ফ্ৰান্সৰ পৰা ইউএই হৈ ভাৰতত প্ৰৱেশ কৰে ৩খন ৰাফেলে। ইতিমধ্যে ভাৰতীয় বায়ু সেনাই ২৬খন ৰাফেল এয়াৰক্ৰাফট ফ্ৰান্সৰ পৰা লাভ কৰিছে। নতুনকৈ সংযোজিত হোৱা ৩খন ৰাফেল এয়াৰ ক্ৰাফটৰ সৈতে ভাৰতে ফ্ৰান্সৰ পৰা সৰ্বমুঠ ২৯খন ৰাফেল লাভ কৰিলে।

গুজৰাটৰ জামনগৰ এয়াৰফৰ্চ ষ্টেচনত অৱতৰণ কৰা এই ৩খন ৰাফেল এয়াৰক্ৰাফটে পঞ্জাৱৰ আম্বালৰ গ’ল্ডেন এয়াৰ স্কোৱাড্ৰনত চামিল হ'ব বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ২০১৬ চনত প্ৰায় ৬০ হাজাৰ কোটি টকাৰে ভাৰত চৰকাৰে ভাৰতীয় বায়ু সেনাৰ শক্তি বৃদ্ধিৰ বাবে ৩৬খন ৰাফেল এয়াৰ ক্ৰাফট ক্ৰয় কৰাৰ চুক্তি কৰিছিল।

বৰ্তমানলৈকে ইয়াৰ ২৯খন ৰাফেল বিমান লাভ কৰিলে ভাৰতে। এয়াৰ চীফ বি আৰ চৌধুৰীৰ মতে ডিচেম্বৰৰ ভিতৰত আৰু ৩খন ৰাফেল ভাৰতীয় বায়ু সেনাত সংযোজিত হ'ব। ৰাফেলৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় বায়ু সেনাক বহুগুণে বেছি শক্তিশালী কৰিছে বুলিও এয়াৰ চীফ গৰাকীয়ে মন্তব্য কৰে।
Published by: Sanjay Kumar Das
First published: October 14, 2021, 8:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি