কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰিলে ভাৰতে। ভাৰতত এই পৰ্যন্ত ৮৫ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই। তথ্য অনুসৰি বৰ্তমানলৈকে চীনত কোৰোণাৰ সংক্ৰমণৰ সংখ্যা হৈছে ৮২,৯৩৩।
দিন বাগৰাৰ লগে লগে এতিয়া ক্ৰমাত্ জটিল হৈ পৰিছে দেশৰ পৰিস্থিতি। ইফালে সোমবাৰৰ পৰা নতুন ৰূপত ল’ক ডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদিও কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে তথাপিও দেশৰ অৰ্থনীতিৰ দিশটোলৈ চাই, এইবাৰ বহু ক্ষেত্ৰত শিথিল কৰাৰ সম্ভাৱনা আছে।