• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid 19: দেশত পুনৰ বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা! এসপ্তাহত আক্ৰান্ত ২৫ হাজাৰ

Covid 19: দেশত পুনৰ বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা! এসপ্তাহত আক্ৰান্ত ২৫ হাজাৰ

কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ৩০ মে’ৰ পৰা ২৫ জুনলৈ মুঠ ২৫,৩০০জন লোক কোৰোণাত আক্ৰান্ত হৈছিল। কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে।

  • Share this:

দেশত পুনৰ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। হঠাতে দেশৰ কেইবাখনো ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, দেশত এতিয়াও সপ্তাহত ২৫ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈ আছে। অৰ্থাৎ যোৱা সপ্তাহৰ হিচাপেও একেখিনি তথ্য দিছে। অৱশ্যে কোৰোণাত মৃতকৰ সংখ্যা এতিয়াও কম।

কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ৩০ মে’ৰ পৰা ২৫ জুনলৈ মুঠ ২৫,৩০০জন লোক কোৰোণাত আক্ৰান্ত হৈছিল। কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। দৈনিক সংক্ৰমণো বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত কোৰোণা আক্ৰান্তৰ সংখ্যা হৈছে ৪৫১৮ জন।

কেন্দ্ৰীয় চৰকাৰৰ মতে, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডুকে ধৰি দেশৰ ১০খন ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তাত সাপ্তাহিক আক্ৰান্তৰ সংখ্যাক লৈ চৰকাৰ চিন্তিত। দেওবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা ৩৪৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে কোৰোণা ভাইৰাছত আক্ৰান্তৰ হাৰ ১.৯১ শতাংশ। মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী আদিত্য থাকৰে কয় যে কোভিডৰ চতুৰ্থ ঢৌ হয়তো আহিছে, কিন্তু আতংকিত হ’বলগীয়া একো নাই।

Published by:Sanjay Kumar Das
First published: