ভাৰতত কোৰোণা ভাইৰাছৰ মাৰাত্মক ভেৰিয়েণ্ট অমিক্ৰণৰ চতুৰ্থটো সংক্ৰমণৰ ঘটনা (Omicron variant Case in India) পোহৰলৈ আহিছে।
গুজৰাট, কৰ্ণাটকৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত অমিক্ৰণৰ সংক্ৰমণ (Maharashtra Omicron case) ধৰা পৰিছে। দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ অহা এজন লোকৰ হেহত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ।
৩৩ বছৰীয়া এই লোকজন মহাৰাষ্ট্ৰ বাসিন্দা। যোৱা মাহত এই লোকজনক কোৰোণা পজিটিভ পোৱা গৈছিল। এতিয়া তেওঁক অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে। লোকজনক কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ অমিক্ৰণ সংক্ৰমিত এই লোকজনে কোভিড ভেকচিন (COVID 19 Vaccine) লোৱা নাছিল। ২৪ নৱেম্বৰত লোকজন মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাত তেওঁৰ দেহত সামান্য জ্বৰ পোৱা গৈছিল আৰু পৰীক্ষা কৰোৱাত কোভিড পজিটিভ (Covid positive) পোৱা গৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|