কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Coronavirus Omicron Variant)ৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ১৫ ডিচেম্বৰৰ পৰা নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত বাতিল কৰিছে। ডিৰেক্টৰ জেনেৰেল অব চিভিল এভিয়েচনে বুধবাৰে এই তথ্য সদৰি কৰে। ডিজিচিএই এক নিৰ্দেশনা জাৰি কৰি কয় যে বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ তাৰিখৰ সিদ্ধান্তক লৈ এবাৰ পুনৰ বিবেচনা কৰা হ’ব। ডিজিচিএই কয় যে এই সিদ্ধান্ত কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে। অৱশ্যে বিমানৰ নিয়মীয়া চলাচল কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সম্পৰ্কে কোনো তথ্য সদৰি কৰা নাই।
উল্লেখযোগ্য যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ২৬ নৱেম্বৰত নিৰ্দেশ জাৰি কৰি কৈছিল যে ভাৰতলৈ অহা–যোৱা কৰিবলগীয়া সকলো আন্তঃৰাষ্ট্ৰীয় বিমান ১৫ ডিচেম্বৰৰ পৰা নিয়মীয়াকৈ চলাচল কৰিব। কিন্তু বিশ্বজুৰি ধাৰাবাহিকভাৱে অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিছে। ইয়াৰ লগতে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমানেৰে ভাৰতলৈ অহা লোকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে যিটো ১ ডিচেম্বৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব।