உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Cyclone Yaas: ‘টাউতে’ৰ পিছত এইবাৰ আহিছে ‘য়াছ’, আজি প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব সমীক্ষা বৈঠক

    Cyclone Yaas: ‘টাউতে’ৰ পিছত এইবাৰ আহিছে ‘য়াছ’, আজি প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব সমীক্ষা বৈঠক

    ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ ‘য়াছ’ ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ বিপদাশংকা পূৰ্বতকৈ বৃদ্ধি পাইছে।

    • Share this:
    ঘূৰ্ণী বতাহ ‘টাউতে (Tauktae Cyclone Storm)ৰ পিছত এতিয়া দেশত আৰু এক ঘূৰ্ণী বতাহে ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ ‘য়াছ’ (Yaas Cyclone Storm)–এ এতিয়া পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত সংহাৰৰ সৃষ্টি কৰিব পাৰে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, দূৰসঞ্চাৰ, শক্তি, চিভিল এভিয়েচন আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰণালয়ৰ সচিবৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। বৈঠকত মোদীয়ে ঘূৰ্ণী বতাহ য়াছক লৈ কৰা প্ৰস্তুতিৰ সমীক্ষা কৰিব।

    ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ ‘য়াছ’ ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ বিপদাশংকা পূৰ্বতকৈ বৃদ্ধি পাইছে। দেশত কেইদিনমান পূৰ্বে ‘টাইতে’ই সংহাৰ চলাইছিল। এই ঘূৰ্ণী বতাহে মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক আৰু গোৱাত বৃহৎ ক্ষতি কৰিছিল। বতৰ বিজ্ঞান বিভাগৰ মতে, ২৬ মে’ত ‘য়াছ’–এ ওড়িশা আৰু পশ্চিম বংগৰ উপকূলত খুন্দা মহাৰ আশংকা আছে।
    Published by:Sanjay Kumar Das
    First published: