ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদ (IIM Ahmedabad)ত অলপতে হৈ যোৱা প্লেচমেণ্ট প্ৰক্ৰিয়াত ২৪ বছৰীয়া হিতেশ সিঙক কাণ্ট্ৰী ডিলাইট (Country Delight) নামৰ ডেইৰী কোম্পানীটোৱে সহযোগী প্ৰৱন্ধক (Associate Manager) নতুন উৎপাদ(New Product) পদত নিযুক্তিৰ বাবে বাছনি কৰে। হিতেশে সৰুৰে পৰাই দুগ্ধ খণ্ডৰ সৈতে কাম কৰিব বিচাৰিছিল। হিতেশ আৰু তেওঁৰ পিতৃ পংকজ সিঙৰ কাৰণে এয়া এক সপোন সাকাৰ হোৱাৰ দৰেই কথা। কাৰণ হিতেশৰ পিতৃ পংকজ সিং দেশৰ প্ৰসিদ্ধ দুগ্ধ কোম্পানী আমূলৰ গাড়ী চালক।
হিতেশে গুজৰাটী মিডিয়ামৰ বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতক বিষয় হিচাপে লৈ ৯৭শতাংশ মাৰ্কছ পাইছিল। কোনোদিন টিউচন নোলোৱা হিতেশে পিছলৈ এছএমই কলেজ অৱ ডেইৰী চায়েন্সৰ পৰা ডেইৰী টেকনোলজীত শীৰ্ষস্থান দখল কৰিছিল।
হিতেশৰ পৰিয়ালটো বিহাৰৰ পৰা গৈ গুজৰাটত থিতাপি লৈছিল। হিতেশৰ পিতৃয়ে প্ৰথমে ছিকিউৰিটী গাৰ্ডৰ কাম কৰিছিল আৰু মাহিলি দৰমহা পাইছিল মাত্ৰ ৬০০ টকা। ২০০৭ চনত ড্ৰাইভিং শিকি পংকজ সিঙে অৱশেষত আমূল কোম্পানীত চালকৰ চাকৰি পাইছিল। আইআইএম আহমেদাবাদৰ পৰা ফুড এণ্ড এগ্ৰী বিজনেছ মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতে হিতেশে লাভ কৰে এই আকৰ্ষণীয় চাকৰি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|