• Home
  • »
  • News
  • »
  • nation
  • »
  • অতি ভাল খবৰ! আজি ভাৰতে এপ্ৰোভ কৰিব পাৰে কোৰোণাৰ ‘Oxford-AstraZeneca Vaccine!

অতি ভাল খবৰ! আজি ভাৰতে এপ্ৰোভ কৰিব পাৰে কোৰোণাৰ ‘Oxford-AstraZeneca Vaccine!

জৰুৰী ব্যৱহাৰৰ বাবে বুধবাৰে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হৈছিল এখন বিশেষজ্ঞ কমিটী।

জৰুৰী ব্যৱহাৰৰ বাবে বুধবাৰে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হৈছিল এখন বিশেষজ্ঞ কমিটী।

জৰুৰী ব্যৱহাৰৰ বাবে বুধবাৰে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হৈছিল এখন বিশেষজ্ঞ কমিটী।

  • Share this:
বুধবাৰে ভাৰতে অক্স’ফোৰ্ড বিশ্ববিদ্যালয় আৰু  AstraZenecaই প্ৰস্তুত কৰা কোৰোণা ভেকচিন ব্যৱহাৰৰ মঞ্জুৰী প্ৰদান কৰিব পাৰে। এই কথা জানিব  পৰা গৈছে চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল  অৰ্গেনাইজেশ্যনৰ বিশেষ সূত্ৰৰ পৰা।

অক্স’ফোৰ্ডৰ কোৰোণাৰ ভেকচিন এপ্ৰোভ কৰা বুলি  ব্ৰিটেইনে ঘোষণা কৰাৰ পিছত , এতিয়া ভাৰত চৰকাৰে এই ভেকচিনৰ শেহতীয়া আপডেট লৈছে। এই সন্দৰ্ভত  এখন উচ্চ স্তৰীয় কমিটী বুধবাৰে বিশেষ বৈঠকত মিলিত  হয়। লগতে চেৰাম ইনষ্টিটিউশ্যনৰ ফালৰ পৰা ভকচিন জৰুৰীকালীন ভাবে ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰে।

এই সন্দৰ্ভত চেৰাম ইনষ্টিটিউশ্যনৰ চি ই অ’ই কৈছে যে,  ‘ব্ৰিটেইনে ভেকচিন এপ্ৰোভ কৰা বাতৰি অত্যন্ত আশাপ্ৰদ  আৰু উত্‍সাহজনক। এতিয়া প্ৰতিষ্ঠানটোৱে অপেক্ষা
কৰিছে ভাৰত চৰকাৰে ভেকচিন ব্যৱহাৰৰ সন্মতি প্ৰদান কৰালৈ।

ভেকচিনৰ ব্যৱহাৰৰ মঞ্জুৰী প্ৰদান কৰাৰ পূৰ্বে সমগ্ৰ  প্ৰক্ৰিয়াটো পৰ্যালোচন কৰে MHRAএ। আৰু সোমবাৰে এই  সন্দৰ্ভত ৰিপৰ্ট জমা দিয়ে ব্ৰিটিছ চৰকাৰক। ইফালে ব্ৰিটেইনৰ  বিজ্ঞানীয়ে অক্সফোৰ্ডৰ কোৰোণা ভেকচিনক ‘ৰিয়েল  গেমচেঞ্জাৰ’ আখ্যা দিছে। যিয়ে কোৰোণা ভাইৰাছক  ২০২১ৰ গ্ৰীষ্মকালৰ ভিতৰত সম্পূৰ্ণৰূপে পৰাভূত কৰিবলৈ
সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

ব্ৰিটেইন চৰকাৰে ইতিমধ্যে ১০০ মিলিয়ন ভেকচিন অৰ্ডাৰ  দিছে। আনহাতে মাৰ্চৰ ভিতৰত আৰু ৪০ মিলিয়ন লাভ  কৰিব বুলি আশা কৰিছে।

এতিয়া ভাৰত চৰকাৰে চকু ৰাখিছে  ব্ৰিটেইনত ব্যৱহাৰ  কৰিবলগীয়া অক্স’ফোৰ্ডৰ কোৰোণা ভেকচিনৰ  সফালতাৰ দিশটোলৈ। আৰু তাৰ পিছতে এই ভেকচিন এপ্ৰোভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব ভাৰত চৰকাৰে।
Published by:Himangshu Bhuyan
First published: