দেশত কোৰোণা ভাইৰাছে লৈছে কাল ৰূপ। ভয়ংকৰ গতিত বাঢ়িছে সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৪ লাখৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যাই।
শনিবাৰে ভাৰতে গঢ়িলে অভিলেখ। কোৰোণাত আক্ৰান্ত হ'ল ৪০২,১১০ জন লোক। আনহাতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাও উদ্বেগজনক ভাবে বাঢ়িছে। ২৪ ঘণ্টাতে মৃত্যুক সাৱটিলে ৩,৫২২ গৰাকী ৰোগীয়ে।
ভাৰতত এই পৰ্যন্ত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ২,১১,৮৩৫গৰাকী ৰোগীয়ে। সেইদৰে আক্ৰান্তৰ ৰোগীৰ সংখ্যা হ'লগৈ ১৯,১৫৭,০৯৪।
ভাৰতৰ এই ভয়াৱহ অৱস্থা দেখি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাইডেন চৰকাৰৰ প্ৰধান মেডিকেল উপদেষ্টা ডা০ এণ্টনী এচ ফাইচিয়ে সংবাদমাধ্যমৰ আগত কৈছে যে, ভাৰতত কোৰোণাৰ চেইন ভাঙিবলৈ কেইবা সপ্তাহজোৰা লকডাউনৰ প্ৰয়োজন। মেডিকেল উপদেষ্টাগৰাকীৰ এই মন্তব্যই এতিয়া স্বাভাৱিকতেই চিন্তা বঢ়াই তুলিছে।
![]()
আনহাতে ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ৬২,৯১৯ গৰাকী লোক। ইয়াৰ পিছতে আছে কৰ্ণাটক। দৈনিক আক্ৰান্ত হৈছে ৮৪,২৯৬ জন। মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত মৃত্যুক সাৱটিছে ৮২৮ গৰাকী কোৰোণাত আক্ৰান্ত ৰোগীয়ে। আনহাতে দিল্লী আৰু উত্তৰপ্ৰদেশত ক্ৰমে ৩৭৫ আৰু ৩৩২ জন কোৰোণাত আক্ৰান্ত ৰোগীয়ে হেৰুৱাইছে প্ৰাণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|