১৪ এপ্ৰিললৈকে সমগ্ৰ দেশ ল’ক ডাউন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

News18 Assam | News18-Assam
Updated:March 24, 2020, 9:13 PM IST
১৪ এপ্ৰিললৈকে সমগ্ৰ দেশ ল’ক ডাউন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
তিনি সপ্তাহৰ বাবে ল’ক ডাউন সমগ্ৰ দেশ

তিনি সপ্তাহৰ বাবে ল’ক ডাউন সমগ্ৰ দেশ

  • Share this:
সমগ্ৰ দেশত তলা বন্ধৰ ঘোষণা। ২১ দিনৰ বাবে তলা বন্ধৰ ঘোষণা। আজি নিশা ১২ বজাৰ পৰা হ’ব কাৰ্যকৰী। সামাজিক দুৰত্ব বজাই ৰাখিবলৈ এই সিদ্ধান্ত। তিনি সপ্তাহৰ বাবে ল’ক ডাউন সমগ্ৰ দেশ। দেশত ক্ৰমাৎ ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ দিশটোলৈ লক্ষ্য কৰি এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তলা বন্ধৰ সময়ত দেশবাসীক ঘৰতে থাকিবলৈ হাতযোৰ কৰি আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু তলা বন্ধৰ সময়তো অব্যাহত থাকিব জৰুৰীকালীন সেৱা। অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা হাতত লোৱাৰ কথাও জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৫শ কোটি টকা আৱণ্টন দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰতিজন ভাৰতীয়ৰ জীৱন ৰক্ষা কৰা চৰকাৰৰ প্ৰথম দায়িত্ব। অহা ২১ দিন সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে ঘৰৰ ভিতৰত থাকক। সামাজিক দুৰত্ব বজাই ৰাখক। বাহিৰলৈ আপুনি দিয়া এখোজেই আনিব পাৰে বিপদ। ইটালী আৰু আমেৰিকাৰ স্বাস্থ্য ব্যৱস্থা সৰ্বশ্ৰেষ্ঠ। কিন্তু আজি সেই দেশেই পৰাস্ত হৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে, ক’ৰোণা ভাইৰাছ কিমান ভয়ংকৰ।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading