নতুন দিল্লীঃ ভাৰত ভ্ৰমণ বাতিল কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেলিফোন কৰি তেওঁ সেই কথা জনায়। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা হৈছে এই কথা। গণৰাজ্য দিৱসৰ প্ৰধান অতিথি হিচাপে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। অৱশ্যে ব্ৰিটেইনত নতুন কোৰোণাৰ সংক্ৰমণৰ কাৰণে তেওঁ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰে। ইয়াৰ কাৰণে খেদ প্ৰকাশ কৰে জনছনে।
উল্লেখ্য যে, প্রতি বছৰে গণৰাজ্য দিৱসত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে বিদেশৰ কোনো ৰাষ্ট্ৰনেতা। সম্ভৱতঃ ৫০ বছৰত এই প্ৰথম কোনো অতিথি উপস্থিত নাথাকে আৰ ডে’ পেৰেডত।
প্রধানমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে ব্ৰিটিশ প্ৰধানমন্ত্ৰী বৰিছ জনছনে অদূৰ ভৱিষ্যতে ভাৰতলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, কোৰোণাৰ নতুন সংক্ৰমণৰ কাৰণে ব্ৰিটেইনত অধিক কঠোৰ লকডাউন আৰম্ভ হৈছে। মঙলবাৰে প্ৰধানমন্ত্ৰী বৰিছ জনছনে জনায় যে যি হাৰত সংক্ৰমণ হৈছে সেয়া অতি উদ্বেগজনক তথা দুখঃজনক।
কোৰোণাৰ সংক্ৰমণৰ কাৰণে গণৰাজ্য দিৱসৰ উদযাপন এইবাৰ যথেষ্ট বাহুল্য বৰ্জিত কৰা হ’ব পাৰে। কুছ–কাৱাজত অংশ লোৱা সৈনিকৰ সংখ্যা কম কৰা হ’ব পাৰে। ইয়াৰ লগতে পেৰেডৰ সময়ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখা হ’ব। প্রতি বছৰে ৰাজপথত গণৰাজ্য দিৱস উদযাপনত দেশৰ সামৰিক শক্তি, সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য তথা আৰ্থ সামাজিক অগ্ৰগতিৰ উপস্থাপন কৰা হয়। এইবাৰ অৱশ্যে পেৰেডক লৈ সতৰ্কতা বজাই ৰখা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|