RAISE 2020 : দেশত প্ৰথম কৃত্ৰিম মেধা সম্পৰ্কীয় সন্মিলন, অংশগ্ৰহণ কৰিব মুকেশ আম্বানীয়ে

News18 Assam | News18-Assam
Updated:October 5, 2020, 5:48 PM IST
RAISE 2020 : দেশত প্ৰথম কৃত্ৰিম মেধা সম্পৰ্কীয় সন্মিলন, অংশগ্ৰহণ কৰিব মুকেশ আম্বানীয়ে
ছামিটত যোগদান কৰিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ কৰ্ণধাৰ মুকেশ আম্বানীসহ দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে।

ছামিটত যোগদান কৰিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ কৰ্ণধাৰ মুকেশ আম্বানীসহ দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে।

  • Share this:
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ পাঁচদিনীয়া ভাৰ্ছুৱেল আন্তৰ্জাতিক শীৰ্ষ সন্মিলন আজি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৭ বজাত এই সন্মিলনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানীও।

৯ অক্টোবৰলৈ চলিব RAISE 2020 ছামিট। সামাজিক উন্নয়ন আৰু পৰিৱৰ্তনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰত ভাৰতৰ ৰোডমেপ আৰু ভিজনত গুৰুত্ব প্ৰদান কৰা হ’ব এই সন্মিলনত। এনে ধৰণৰ সন্মিলন ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল। ভাৰ্ছুৱেল ছামিটত যোগদান কৰিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ কৰ্ণধাৰ মুকেশ আম্বানীসহ দেশৰ আগশাৰীৰ উদ্যোগপতিসকলে। থাকিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিশেষজ্ঞসকলো। কিদৰে সামাজিক উন্নয়নত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক ব্যৱহাৰ কৰা হ’ব, ভাল আন্তঃগাঁথনি প্ৰস্তুতৰ জৰিয়তে সমাজৰ প্ৰান্তিক স্তৰত কিদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি উন্নয়ন কৰা হ’ব, তাক লৈ বিস্তাৰিতভাৱে আলোচনা হ’ব এই সন্মিলনত।

আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গ্ল’বেল পাৰ্টনাৰশ্বিপৰ ভাৰত অন্যতম সদস্য। সামাজিক উন্নয়নত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰৰ লক্ষ্য লৈছে ভাৰতে। সন্মিলনত বক্তব্য ৰাখিব ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ অধ্যক্ষ মুকেশ আম্বানী, আইবিএমৰ চিইঅ’ অৰবিন্দ কৃষ্ণ প্ৰমুখে কেইবাজনো ব্যক্তিয়ে।

টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘RAISE2020 ভাৰ্ছুৱেল সন্মিলনত যোগদান কৰাৰ বাবে অপেক্ষা কৰিছো। বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞসকলে AIৰ বিভিন্ন দিশক লৈ এই সন্মিলনত আলোচনা কৰা হ’ব।’
বিগত জুন মাহতে গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে যোগ দিছিল ভাৰতে। GPAIৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, কানাডা, ফ্ৰান্স, ইটালী, জাৰ্মানী, জাপান, মেক্সিকো, কোৰিয়া, নিউজিলেণ্ড আৰু ছিংগাপুৰৰ দৰে বিশ্বৰ অগ্ৰণী অৰ্থনীতিৰ দেশসমূহৰ সংগী হৈছে ভাৰত।
Published by: Sanjay Kumar Das
First published: October 5, 2020, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading