WHOৰ কাৰ্যনিৰ্বাহক মণ্ডলীৰ পৰৱৰ্তী অধ্যক্ষ হ’ব দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন

News18 Assam | News18-Assam
Updated:May 20, 2020, 9:33 AM IST
WHOৰ কাৰ্যনিৰ্বাহক মণ্ডলীৰ পৰৱৰ্তী অধ্যক্ষ হ’ব দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন
২২মে’ তাৰিখে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব। 

২২মে’ তাৰিখে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব। 

  • Share this:
নতুন দিল্লীঃ দেশত কোৰোণা সংকটৰ মাজত ভাৰতৰ কাৰণে এক গৌৰৱৰ ক্ষণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনক বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ৩৪জনীয়া কাৰ্যনিৰ্বাহক মণ্ডলীৰ পৰৱৰ্তী অধ্যক্ষৰূপে বাচনি কৰা হৈছে। জাপানৰ হিৰ’কি নাকাটানীৰ স্থানত দায়িত্বভাৰ গ্ৰহণ কৰিব ডাঃ হৰ্ষবৰ্ধনে। ২২মে’ত তেওঁ দায়িত্ব ল’ব।

PTIৰ মতে, মঙলবাৰে ভাৰতে প্ৰস্তাৱ কৰা হৰ্ষবৰ্ধনৰ নামত ৯৪খন দেশৰ স্বাস্থ্য এছেম্বলীয়ে বিনাদ্বিধাই সমৰ্থন আগবঢ়ায়। ইয়াৰ পূৰ্বে WHOৰ দক্ষিণ–পূৱ এছিয়া গ্ৰুপে তিনি বছৰৰ কাৰণে ভাৰতক ব’ৰ্ড অৱ মেম্বাৰ্ছত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছিল।

ডাঃ হৰ্ষবৰ্ধন এজন ENT বিশেষজ্ঞ চিকিৎসক। পলিঅ’ কাৰ্যসূচীৰ ক্ষেত্ৰত সফলতাৰে লোৱা নেতৃত্বৰ কাৰণে তেওঁক বাৰাক অ’বামাই প্ৰশংসা কৰিছিল। বৰ্তমান কোৰোণাৰ সংকটৰ সৈতে যুঁজিবলৈ তেওঁ দেশক বাট দেখুৱাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading