কোভিদৰ ভয়াৱহ সংক্ৰমণৰ পিছতো কেৰালা চৰকাৰে অৰ্থব্যৱস্থা ৰক্ষাৰ নামত লকডাউন নিদিয়াত সমগ্ৰ দেশৰ বাবেই ই এক চিন্তাৰ কাৰক হৈ পৰিছে। কোভিদৰ ভয়াৱহ সংক্ৰমণৰ পিছতো কেৰালা চৰকাৰে অৰ্থব্যৱস্থা ৰক্ষাৰ নামত লকডাউন নিদিয়াত সমগ্ৰ দেশৰ বাবেই ই এক চিন্তাৰ কাৰক হৈ পৰিছে। যি সময়ত দেশৰ অধিকাংশ ৰাজ্যতে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে, সেইসময়ত কিন্তু কেৰালাত কোৰোণাই লৈছে ভয়ংকৰ ৰূপ। যোৱা দিন কেইটাত প্ৰতিদিনে ৰাজ্যখনত প্ৰায় ৩০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈছে। দেশৰ অধিকাংশ ৰাজ্যই কেৰালাক সম্পূৰ্ণ ৰূপে আইচ'লেট কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।
কেন্দ্ৰীয় চৰকাৰেও কেৰালা চৰকাৰক কোভিড সংক্ৰমিত এলেকা সমূহত সম্পূৰ্ণ লকডাউন দিয়াৰ বাবে অনুৰোধ জনাইছে। কিন্তু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন নেতৃত্বাধীন চৰকাৰখনে কিয় লকডাউন ঘোষণা কৰা নাই তাক লৈ বৰ্তমান সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে। পিছে ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে তেওঁ কেৰালাত কোনো কাৰণতে সম্পূৰ্ণ লকডাউন নিদিয়ে কাৰণ পূৰ্ণ লকডাউনে কেৰালাৰ অৰ্থব্যৱস্থাক ক্ষতি কৰিব।
ইফালে কেৰালা চৰকাৰৰ এই নীতিৰ বাবেই বৰ্তমান ৰাজ্যখনত ৪১ লাখ ৫১হাজাৰ লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৰালাৰ ২১ হাজাৰ ২৮০ গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে। শুকুৰবাৰৰ দিনটোতে ১৩১জন লোকে কোভিডত প্ৰাণ হেৰুওৱাৰ লগতে নতুনকৈ ২১ হাজাৰ ২৮০জন লোক কোভিডত আক্ৰান্ত হৈছে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত সংক্ৰমণৰ হাৰ প্ৰায় ১৮ শতাংশ। ৰাজ্যখনত বৰ্তমান ৩৮ লাখ লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে এতিয়াও দেশৰ ২লাখ ৪৬ হাজাৰ ৪৩৭জন লোক চিকিৎসাধীন হৈ আছে।
কেৰালাত অধিক সংক্ৰামক হৈ পৰিছে ক'ভিদ ভাইৰাছ:
কেৰালাত কোভিডৰ সংক্ৰমণৰ হাৰ অতি ভয়াৱহ হাৰত বৃদ্ধি পাইছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জৰ মতে, এটা পৰিয়ালত যদি এজন লোক কোভিডত আক্ৰান্ত হয়, তেনেহ'লে অতি কম সময়ৰ ভিতৰতে পৰিয়ালৰ আটাইকেইজন লোকৰ দেহলৈ সংক্ৰমিত হৈছে এই ভাইৰাছ। সেয়ে এতিয়া কেৰালাত সংক্ৰমণৰ হাৰ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে।
সমগ্ৰ দেশৰ বাবেই চিন্তাৰ কাৰণ হৈ পৰিছে কেৰালা:
কোভিদৰ ভয়াৱহ সংক্ৰমণৰ পিছতো কেৰালা চৰকাৰে অৰ্থব্যৱস্থা ৰক্ষাৰ নামত লকডাউন নিদিয়াত সমগ্ৰ দেশৰ বাবেই ই এক চিন্তাৰ কাৰক হৈ পৰিছে। কেৱল দেওবাৰৰ দিনটোত কাৰ্ফিউ দি কেৰালা চৰকাৰে সপ্তাহৰ আন দিন বোৰ সম্পূৰ্ণ ৰূপে খোলা ৰখা কাৰ্যই চিন্তিত কৰিছে কাষৰীয়া ৰাজ্য সমূহক। কেৰালাৰ পৰা দেশৰ আন ৰাজ্যলৈকো পুনৰ দ্ৰুতগতিত কোৰোণা বিয়পাৰ আশংকাই দেখা দিছে।
Published by: Himangshu Bhuyan
First published: September 04, 2021, 09:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|