ভাৰত গৌৰৱ আঁচনিৰ (Bharat Gaurav Scheme) অধীনত দেশৰ প্ৰথমখন ব্যক্তিগত ৰেল মুকলি কৰা হৈছে। ৰেলখনে মঙলবাৰে কইম্বাটুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু বৃহস্পতিবাৰে চাই নগৰ শিৰডীত উপস্থিত হৈছিল।
মঙলবাৰে জাৰি কৰা এক বিবৃতিত ৰে'ল মন্ত্ৰালয়ে কৈছিল, "ভাৰত গৌৰৱ ৰেলখন ১৪ জুন, ২০২২ (মঙলবাৰে) সন্ধিয়া ৬ বজাত কইম্বাটুৰ উত্তৰৰ পৰা চাই নগৰ শিৰডীলৈ ৰাওনা হ'ব আৰু ১৬ জুন, ২০২২ (বৃহস্পতিবাৰে) পুৱা ৬.২৫ বজাত চাই নগৰ শিৰডীত উপস্থিত হয় । এই বিশেষ ৰেলখনে ১৫০০ জন লৈকে যাত্ৰী কঢ়িয়াব পাৰে। ভাৰত গৌৰৱ আঁচনিৰ অধীনত দেশৰ প্ৰথম ব্যক্তিগত উদ্যোগৰে ৰেল আৰম্ভ কৰা দক্ষিণ ৰে'লৱে (SR) অঞ্চলটো দেশৰ প্ৰথম অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰে। ৰেল যাত্ৰা আনুষ্ঠানিকভাৱে ১৪ জুনত আৰম্ভ হৈছিল।
দক্ষিণ ৰেলৱেৰ CPRO বি গুগনেছানে (B Gugneshan) কৈছিল যে এই ৰেলখনত ১,৫০০ যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰে। ৰে'লৱেৰ মতে, ৰে'লখনে প্ৰতি মাহে কমেও তিনিবাৰ ভ্ৰমণ কৰিব পাৰিব। ভাৰতীয় ৰেলৱেই ৰেলখন পৰৱৰ্তী দুবছৰৰ বাবে লীজত এটা ব্যক্তিগত সেৱা কোম্পানীক হস্তান্তৰ কৰিছে।
কি কি সুবিধা থাকিব এই ৰেলখনত ?
ইয়াত প্ৰথম শ্ৰেণীৰ এচি, দ্বিতীয় এচি, তৃতীয় এচি কোচ, স্লিপাৰ কোচকে ধৰি মুঠ ২০ টা ডবা আছে। ইয়াৰ বাহিৰেও, এটা হাউচ কিপিং, সুস্বাদু নিৰামিষ আহাৰ আৰু আন বহুতো সুবিধা আছে। সেৱা প্ৰদানকাৰীয়ে ২ বছৰৰ বাবে দক্ষিণ ৰেলৱেক সুৰক্ষা হিচাপে ১ কোটি টকা পৰিশোধ কৰিছে।
উল্লেখ্য যে, ২০২১ চনৰ ২৩ নৱেম্বৰত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Ashwini Vaishnaw)ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই ভাৰত গৌৰৱ ৰে'লখনৰ নাম থীম-আধাৰিত পৰ্যটন বৰ্তনী ৰেল হিচাপে ঘোষণা কৰিছিল। এই প্ৰকল্পৰ অন্যতম উদ্দেশ্য হৈছে ভাৰতৰ ঐতিহাসিক স্থান আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ৰে'লৱেৰ দ্বাৰা সংযোগ কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি অধিকসংখ্যক লোকক আকৰ্ষিত কৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|