• Home
  • »
  • News
  • »
  • nation
  • »
  • Cyclone Tauktae : তাউতেৰ সংহাৰত ৬০ জনৰো অধিক লোকে হেৰুৱালে প্ৰাণ। কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটত মুঠ ৬৩ জনৰ মৃত্যু।

Cyclone Tauktae : তাউতেৰ সংহাৰত ৬০ জনৰো অধিক লোকে হেৰুৱালে প্ৰাণ। কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটত মুঠ ৬৩ জনৰ মৃত্যু।

মুম্বাই হাইত এতিয়ালৈ ২২ জন লোকৰ মৃতদেহ উদ্ধাৰ। এতিয়াও আন ৭৮ জন লোক সন্ধানহীন। গুজৰাটত এতিয়ালৈ মৃত্যু হৈছে ৪৫ জন লোকৰ। গুজৰাটলৈ ১০০০ কোটি টকাৰ পেকেজ প্ৰধানমন্ত্ৰীৰ।

  • Share this:
সামুদ্ৰিক ঘূৰ্ণী তাউতে (Cyclone Tauktae)ৰ সংহাৰত মৃত্যুমুখত পৰিছে  ৬০ জনৰো অধিক লোক। কৰ্ণাটক (Karnataka), মহাৰাষ্ট্ৰ(Maharashtra) আৰু গুজৰাট (Gujrat)ত এই পৰ্যন্ত মুঠ ৬৩ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰি হৈছে।

গুজৰাটত এতিয়ালৈ মৃত্যু হৈছে ৪৫ জন লোকৰ। সকলোৰে মৃতদেহ উদ্ধাৰৰ পিছত মৃত্যু নিশ্চিত কৰা হৈছে। গুজৰাটৰ উপকূলীয় এলেকাত এতিয়াও বহু লোক আবদ্ধ হৈ আছে।

এইপিনে মুম্বাই হাই (Mumbai High)ত এতিয়ালৈ ২২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ONGCৰ P-305 বাৰ্জখন তাউতে ধুমুহাত সাগৰত ডুব যোৱাৰ ফলত এই লোকসকলৰ মৃত্যু হৈছে। মুম্বাই হাইত এতিয়াও আন ৭৮ জন লোক সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখ্য যে সোমবাৰে এই বাৰ্জখনত ৩শৰো অধিক লোক আছিল। ু্ইয়াৰে প্ৰায় ২০০ লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

আনহাতে বতৰ বিজ্ঞান বিভাগে (IMD) জনোৱা মতে তাউতেৰ প্ৰভাৱত গুজৰাটৰ বিভিন্ন এলেকাত প্ৰবল বৰষুণ হ’ব পাৰে। একেদৰে ৰাজস্থান, হাৰিয়ানা, দিল্লী (Delhi), হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো তাউতেৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিল্লীত আজি পুৱাৰে পৰা বৰষুণ হৈ আছে।

গুজৰাটত তাউতেৰ প্ৰভাৱক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। গুজৰাটলৈ ১০০০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। তাউতেৰ ধ্ৱংসলীলাত ক্ষতিগ্ৰস্ত অন্য ৰাজ্যলৈও আৰ্থিক সাহাৰ্য দিয়াৰ ঘোষণা।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি