• Home
  • »
  • News
  • »
  • nation
  • »
  • ২০০ কোটি ড’জ : টিকাকৰণক লৈ দেশবাসীৰ সংকল্পক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

২০০ কোটি ড’জ : টিকাকৰণক লৈ দেশবাসীৰ সংকল্পক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

File Photo

File Photo

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভেকচিনৰ সমগ্ৰ অভিযানত ভাৰতৰ জনসাধাৰণে বিজ্ঞানৰ প্ৰতি উল্লেখযোগ্য বিশ্বাস প্ৰদৰ্শন কৰিছে।

  • Share this:
ভাৰতে ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ জৰিয়তে এতিয়ালৈ কোভিড–১৯ ভেকচিনৰ ২০০ কোটি ড’জ৮ৰ সংখ্যা অতিক্ৰম কৰিলে। ভাৰতে পুনৰ এবাৰ ইতিহাস সৃষ্টি কৰিলে। কোৰোণা ভেকচিনৰ ২০০ কোটি ড’জৰ বিশেষ সংখ্যা পাৰ কৰা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকল লোকে টিকাকৰণ অভিযানক অতুলনীয় কৰি তোলাৰ ক্ষেত্ৰত যিসকলো নিজৰ যোগদান আগবঢ়াইছে সেইসকলক লৈ গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে। তেওঁলোকে কোভিড–১৯ৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভেকচিনৰ সমগ্ৰ অভিযানত ভাৰতৰ জনসাধাৰণে বিজ্ঞানৰ প্ৰতি উল্লেখযোগ্য বিশ্বাস প্ৰদৰ্শন কৰিছে। আমাৰ চিকিৎসক, নাৰ্ছ, ফ্ৰণ্টলাইন কৰ্মী, বিজ্ঞানী, উদ্ভাৱক আৰু উদ্যোগীসকলে এক সুৰক্ষিত পৃথিৱী সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মই তেওঁলোকৰ ভাৱনা আৰু দৃঢ় সংকল্পৰ শলাগ লৈছো।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো দেশত ২০০ কোটি কোৰোণা ভেকচিনৰ অতিক্ৰম কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে। নাড্ডাই কয় যে আজি দেশত কোভিড ভেকচিন অভিযানৰ অধীনত ২০০ কোটি ভেকচিনৰ ড’জ সম্পূৰ্ণ কৰিছে, ই এক অতি সুখৰ বিষয়। এই সফলতাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক কৃতিত্ব প্ৰদান কৰি নাড্ডাই কয় যে পূৰ্বে এটা ভেকচিন এখন দেশত পাবলৈ হ’লে ২০-৩০ বছৰ সময় লাগিছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৯ মাহত ভাৰতীয় বিজ্ঞানীয়ে এটা নহয়, দুটা ভেকচিন নিৰ্মাণ কৰিছে, যিয়ে বিশ্বৰ আটাইতকৈ বৃহৎ আৰু দ্ৰুততম টিকাকৰণ অভিযানৰ ৰূপ দিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডভিয়ায়ো এই উপলক্ষে কয় যে ২০০ কোটি কোৰোণা ভেকচিনৰ ২০০ কোটি ড’জ অতিক্ৰম কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয়। মাণ্ডভিয়াই কয় যে ভাৰতে আজি ২০০ কোটি টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰিছে। দেশৰ বাবে গৌৰৱৰ বিষয়, আমি মাত্ৰ ১৮ মাহৰ ভিতৰতে এই লক্ষ্যত উপনীত হ’লো।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি