• Home
  • »
  • News
  • »
  • nation
  • »
  • India Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১ লাখ ৭৯ হাজাৰ ৭২৩জন লোক কোৰোণাত আক্ৰান্ত

India Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১ লাখ ৭৯ হাজাৰ ৭২৩জন লোক কোৰোণাত আক্ৰান্ত

কোৰোণাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৬জন লোকৰ। ফলত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬জন।

কোৰোণাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৬জন লোকৰ। ফলত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬জন।

কোৰোণাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৬জন লোকৰ। ফলত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬জন।

  • Share this:
ভাৰতত পুনৰ ভয়ংকৰ ৰূপ লৈছে কোভিডৰ তৃতীয় ঢৌৱে। কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণো ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ১ লাখ ৭৯ হাজাৰ ৭২৩জন লোক (India Coronavirus Update)। দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩ কোটি ৫৭ লাখ ৭ হাজাৰ ৭২৭জনলৈ। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,২৩,৬১৯জন। কোৰোণাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৬জন লোকৰ। ফলত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬জন।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ খবৰ অনুসৰি, বৰ্তমান দেশত কোৰোণাৰ সুস্থতাৰ হাৰ ৯৬.৬২ শতাংশ। মুঠ আক্ৰান্তৰ নিৰিখত কোৰোণাৰ সক্ৰিয়তাৰ হাৰ ২.০৩ শতাংশ। ভাৰত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কেৱল অমিক্ৰনতে আক্ৰান্ত হৈছে ৪০৩৩জন। ২৭খন ৰাজ্যলৈ বিয়পিছে অমিক্ৰন ভেৰিয়েণ্ট। আক্ৰান্তৰ সংখ্যাৰ হিচাপত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ, ৰাজ্যখনত ১২১৬জন লোক আক্ৰান্ত হৈছে অমিক্ৰনত। ইয়াৰ পিছতে আছে ৰাজস্থান। ৰাজস্থানত ৫২৯জন লোক আক্ৰান্ত হৈছে এই নতুন ভেৰিয়েণ্টত। বিগত এটা দিনত দেশত ১৫৫২জন অমিক্ৰন ৰোগী সুস্থ হৈ উঠিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি