মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»COVID-19 in India: বিগত ২৪ ঘণ্টাত দেশত ৩.১১ লাখ লোক কোৰোণাত আক্ৰান্ত, ৪০৭৭জনৰ মৃত্যু

COVID-19 in India: বিগত ২৪ ঘণ্টাত দেশত ৩.১১ লাখ লোক কোৰোণাত আক্ৰান্ত, ৪০৭৭জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 16, 2021, 12:36 PM IST
COVID-19 in India: বিগত ২৪ ঘণ্টাত দেশত ৩.১১ লাখ লোক কোৰোণাত আক্ৰান্ত, ৪০৭৭জনৰ মৃত্যু
স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, এতিয়ালৈ দেশত কোৰোণাৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩৬ লাখ ১৮ হাজাৰ ৪৫৮জন।

স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, এতিয়ালৈ দেশত কোৰোণাৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩৬ লাখ ১৮ হাজাৰ ৪৫৮জন।

  • Share this:
দেশত কোৰোণাৰ ভয়ংকৰ ৰূপ অব্যাহত আছে। কোৰোণাৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত। অক্সিজেনৰ পৰা হাস্পতালৰ বেড, সকলোতে হাহাকাৰ পৰিস্থিতি। বিগত ২৪ ঘণ্টাত দেশত ৩ লাখ ১১ হাজাৰ ১৭০জন লোক কোৰোণাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৪০৭৭জন লোকৰ। এই লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২ কোটি ৪৬ লাখ ৮৪ হাজাৰ ৭৭জনলৈ বৃদ্ধি পাইছে। মৃতকৰ সংখ্যা বৃদ্ধি পালে ২ লাখ ৭০ হাজাৰ ২৮৪জনলৈ।

স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, এতিয়ালৈ দেশত কোৰোণাৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩৬ লাখ ১৮ হাজাৰ ৪৫৮জন। আনহাতে, ২ কোটি ৭ লাখ ৯৫ হাজাৰ ৩৩৫জন লোক সুস্থ হৈ উঠিছে। ইফালে, কোৰোণাত সৰ্বাধিক আক্ৰান্ত ৰাজ্য মহাৰাষ্ট্ৰত পৰিস্থিতি কিছু ভাললৈ আহিছে।
Published by: Sanjay Kumar Das
First published: May 16, 2021, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি