আজি ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence Day)। আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল ভাৰত মাতৃৰ বুকুত।
বছৰৰ হিচাপত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি স্বাধীনতাৰ অমৃত মহোতসৱ (Azadi Ka Amrit Mahotsav)উদযাপন কৰা হৈছে।
স্বাধীনতা দিৱস উপলক্ষে আজি আমি জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধী (Father of the Nation Mahatma Gandhi)ৰ লগতে সুৱৰিছোঁ সেইসকল মনষীক যিসকলৰ চৰম ত্যাগ আৰু কষ্টৰ মিঠা অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰকণ পাইছোঁ।
আমি সুৱৰিছোঁ প্ৰতিজন ভাৰতীয়ৰ ত্যাগ আৰু বলিদান, যিসকলে নিজৰ জীৱনকো তুচ্ছ কৰি দেশৰ স্বাধীনতাৰ বাবে হেলাৰঙে প্ৰাণ দিছিল, ইংৰাজৰ গুলী হাঁহি হাঁহি বুকু পাতি লৈছিল, হাঁহি হাঁহি ফাঁচীকাঠত ওলমিছিল। আমাৰ বাবে যিসকলে নিজৰ সৰ্বস্ব উজাৰি দিছিল, তেওঁলোকক আজি আমি সুৱৰিছোঁ, প্ৰণিপাত জনাইছোঁ তেওঁলোকৰ চৰণত।
পৃথিৱীৰ সমস্ত সম্পদ ঢালি বা প্ৰতিজন ভাৰতীয়ৰ ভক্তিৰ অঞ্জলিও যেন সামান্য হ'ব সেইসকল মহান লোকক শ্ৰদ্ধা নিবেদিবলৈ। তথাপি আজি স্বাধীনতাৰ জয়গানেৰেই আমি তেওঁলোকৰ চৰণত তৰ্পণ কৰিম আমাৰ শ্ৰদ্ধা।
আজিৰ এই মহান দিনটোত সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা যাঁচিছো (Happy Independence Day)। আহক আমি সকলোৱে স্বাধীনতা দিৱস উদযাপন কৰোঁ স্বাধীন মনেৰে। ত্ৰিৰংগৰ তলত থিয় হৈ আমি গাওঁ- জন গণ মন অধিনায়ক জয় হে...
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|