
মেলেৰিয়া, জেংগু, এনচেফেলাইটিছ, ক’লাজ্বৰৰ দৰে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰোগৰ বাহক মহ নিধন কৰিবলৈ এইবাৰ একেলগে অভিযান চলাব দুয়ো দেশে।
মেলেৰিয়া, জেংগু, এনচেফেলাইটিছ, ক’লাজ্বৰৰ দৰে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰোগৰ বাহক মহ নিধন কৰিবলৈ এইবাৰ একেলগে অভিযান চলাব দুয়ো দেশে।
মহ দমনৰ বাবে এইবাৰ একেলগে অভিযান চলোৱাৰ ক্ষেত্ৰত সহমত পোষণ কৰিলে ভাৰত–ভূটান দুই দেশে। পুনৰ একেলগে অভিযান চলাবলৈ আগবাঢ়িছে দুই প্ৰতিৱেশী বন্ধু ৰাষ্ট্ৰ। এই অভিযানৰ দায়িত্ব ল’ব দুয়োখন দেশৰ স্বাস্থ্য দপ্তৰে। মেলেৰিয়া, জেংগু, এনচেফেলাইটিছ, ক’লাজ্বৰৰ দৰে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰোগৰ বাহক মহ নিধন কৰিবলৈ এইবাৰ একেলগে অভিযান চলাব দুয়ো দেশে। সম্প্ৰতি দুয়োখন দেশৰ স্বাস্থ্য বিভাগৰ বিষয়াৰ মাজত ইয়াক লৈ আলোচনা অনুষ্ঠিত হয়। ভাৰ্ছুৱেল এই বৈঠকত ভূটান সংলগ্ন জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কালিম্পং জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰতিনিধিও উপস্থিত আছিল।
কিয় এই অভিযান? স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে, সীমান্তৰ এক প্ৰান্তত যেতিয়া মেলেৰিয়া, ডেংগু, কলাজ্বৰৰ বাহক মহ দমনৰ বাবে স্প্ৰে অভিযান চলোৱা হয় তেতিয়া এই পতংগই অনায়াসে উৰি গৈ সীমান্তৰ আন দিশে আশ্ৰয় লয়। যাৰ ফলত অভিযানত সম্পূৰ্ণ সফলতা পোৱা নাযায়। ইয়াকে লৈ কেন্দ্ৰৰ পতংগবাহিত ৰোগ নিয়ন্ত্ৰণ শাখাৰ লগতে চিন্তিত ভূটানৰ স্বাস্থ্য বিভাগো। বৈঠকত ক্ৰছ বৰ্ডাৰ এলেকাত পতংগবাহিত ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত যৌথ সমীক্ষাৰ বিষয়ে আলোচনা হৈছে। আলোচনা ফলপ্ৰসূ হৈছে বুলি জলপাইগুৰি জিলা স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মীয়ে জানিবলৈ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|