প্ৰেমৰ বহু অমৰ কাহিনীৰে ইতিহাসৰ পাত সমৃদ্ধ হৈ আছে। আৰু আজিও তেনে কিছুমান ঘটনা ঘটে যি প্ৰেমৰ মহিমাক নিজেই মণ্ডিত কৰি তোলে। এনে এক প্ৰেম কাহিনী (Love Story)ৰ পটভূমি ভাৰত-বাংলাদেশ।
প্ৰেমিকা বাংলাদেশ (Bangladesh)ৰ আৱছানা নুৰ ৷ প্ৰমিক কোচবিহাৰৰ তুফানগঞ্জৰ ৷ ছমাহ ধৰি দুখন দেশৰ প্ৰমিক-প্ৰেমিকাৰ মাজত ছচিয়েল মিডিয়াত চলি আছিল প্ৰেম ৷ কিন্তু বাস্তৱত কোনেও কাকো লগ পোৱা নাই। বাধা হৈ থিয় দি আছে ভাৰত-বাংলাদেশ (India-Bangladesh)ৰ মাজত থকা কাঁইটীয়া তাঁৰৰ বিশাল বেৰ ৷ ইয়াৰ মাজতে বাংলাদেশৰ প্ৰমিকাক বিয়া দিবলৈ ওলাইছিল পিতৃ-মাতৃ ৷ সেয়ে একো উপায় নেদেখি প্ৰেমাস্পদৰ কাষলৈ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ সোমাল ভাৰতত ৷
উল্লেখ্য যে বংগৰ তুফানগঞ্জৰ এজন যুৱকৰ সৈতে বাংলাদেশী যুৱতীগৰাকীৰ ছমাহ ধৰি ছচিয়েল মিডিয়াৰ (Social Media Love Story) জৰিয়তে প্ৰেম চলি আছিল । এই ঘটনাই ভাল উৎসুকতা দেখা দিয়ে তুফানগঞ্জ আদালত চৌহদত ৷ কিন্তু প্ৰেমিকৰ নোলাল ঠিকনা ৷ এতিয়ালৈ কিন্তু প্ৰেমিকে লগ নিদিলে বাংলাদেশী প্ৰেমিকাক ৷