• Home
  • »
  • News
  • »
  • nation
  • »
  • India-Bangladesh Flights : পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশ বিমান সেৱা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

India-Bangladesh Flights : পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশ বিমান সেৱা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

India - Bangladesh Air Bubble Flights To Resume : প্ৰতিদিনে ভাৰত-বাংলাদেশৰ মাজত বহু মানুহ অহা যোৱা কৰে। মুলত ভাৰতত  চিকিৎসাৰ বাবে বহু বাংলাদেশী নাগৰিক আহে প্ৰতিদিনে।

India - Bangladesh Air Bubble Flights To Resume : প্ৰতিদিনে ভাৰত-বাংলাদেশৰ মাজত বহু মানুহ অহা যোৱা কৰে। মুলত ভাৰতত  চিকিৎসাৰ বাবে বহু বাংলাদেশী নাগৰিক আহে প্ৰতিদিনে।

India - Bangladesh Air Bubble Flights To Resume : প্ৰতিদিনে ভাৰত-বাংলাদেশৰ মাজত বহু মানুহ অহা যোৱা কৰে। মুলত ভাৰতত  চিকিৎসাৰ বাবে বহু বাংলাদেশী নাগৰিক আহে প্ৰতিদিনে।

  • Share this:
ভাৰত-বাংলাদেশৰ ( India-Bangladesh) মাজত আগষ্ট মাহৰ তৃতীয় সপ্তাহৰ পৰা বিমান চলাচলৰ কথা আছিল যদিও কাৰ্যত সেয়া সম্ভৱ হোৱা নাই। কাৰণ কোৰোণাৰ বাবে দুয়োখন দেশতে চলি থকা দ্বিতীয় ঢৌৰ ফলত সেয়া সম্ভব হৈ উঠা নাছিল। অৱশেষত সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই দুয়োখন দেশৰ মাজত বিমান চলাচলৰ নতুন তাৰিখ ঘোষণা হ'ল।

বাংলাদেশৰ লগত 'এয়াৰ বাবল'( Air Bubble)ৰ চুক্তি অনুসৰি অহা তিনি ছেপ্টেম্বৰৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ হ’ব দুয়োখন দেশৰ মাজত। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অতিৰিক্ত ডিৰেক্টৰ জেনেৰেল ( Media & Communication) ৰাজীৱ জৈনে জনোৱা মতে, ভাৰত-বাংলাদেশৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ হ’ব তিনি ছেপ্টেম্বৰৰ পৰা। স্পাইচজেট, ইণ্ডিগো, এয়াৰ ইণ্ডিয়াই ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ঢাকালৈ বিমান সেৱা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে বাংলাদেশৰ চৰকাৰৰ তৰফৰ পৰা ২০ আগষ্টৰ পৰা বিমান চলাচলৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু ভাৰত চৰকাৰৰ তৰফৰ পৰা উক্ত সময়ত সেউজ সংকেত নিদিয়াৰ ফলত বিমান চলাচল আৰম্ভ হোৱা নাছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৰ্তমানে সপ্তাহত সাতখন বিমান চলাচলৰ অনুমতি দিব ভাৰত চৰকাৰে। ঢাকাৰ পৰা কলিকতা, দিল্লী, মুম্বাই আৰু চেন্নাইৰ মাজত চলিব এই সেৱা। যাত্ৰীসকলে টুৰিষ্ট ভিচাৰ মাধ্যমত প্ৰৱেশ কৰিব পাৰিব।

এয়াৰ বাবলৰ চুক্তি মতে, বৰ্তমানে আমেৰিকা, জাৰ্মানী, ৰাছিয়া আদিৰ দৰে দেশৰ লগত বিমান যোগাযোগ অব্যাহত ৰাখিছে ভাৰতে। এইবাৰ সেই তালিকাত সংযোজন হ'ল বাংলাদেশৰ নাম।

এই চুক্তি মতে বাংলাদেশৰ পৰা যিকোনো যাত্ৰী ভাৰতলৈ আহিলে বিমানবন্দৰতে  কোভিড পৰীক্ষা বাধ্যতামূলক হ’ব। উল্লেখযোগ্য যে বাংলাদেশত কোৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভৰ পিছতে ১৪ এপ্ৰিলৰ পৰা বাংলাদেশৰ পৰা সকলো আন্তৰ্জাতিক বিমান চলাচল বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ ফলত বাংলাদেশৰ পৰা চিকিৎসাৰ বাবে ভাৰতলৈ আহিবলগীয়া লোকসকলে সমস্যাত পৰে। কিন্তু তিনি ছেপ্টেম্বৰৰ পৰা বিমানৰ চলাচলৰ বাতৰিয়ে কাৰ্যত চিকিৎসাৰ ক্ষেত্ৰত পিছপৰা দেশখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিব।
Published by:Sanjay Kumar Das
First published: