২০২০ৰ ডিচেম্বৰত ছীল কৰা হ’ব ভাৰত-বাংলা সীমান্ত!

২০২০ ৰ মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও, এতিয়া ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা

News18-Assam
Updated:July 27, 2019, 6:23 PM IST
২০২০ৰ ডিচেম্বৰত ছীল কৰা হ’ব ভাৰত-বাংলা সীমান্ত!
Source-Google
News18-Assam
Updated: July 27, 2019, 6:23 PM IST
কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব ভাৰত-বাংলা সীমান্ত ছীলৰ কাম। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ মাৰ্চৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা কৈছিল যদিও সময়সীমা ২০২০ ৰ ডিচেম্বৰলৈ বৃদ্ধি কৰা হয়। ২৮০৩.০১৩ কিঃ মিঃ সীমা ইতিমধ্যে ছীল কৰা বুলি উল্লেখ কৰাৰ লগতে বাকী থকা ১৬৯.৬৪ কিঃ মিঃ ২০২০ৰ ডিচেম্বৰৰ ভিতৰত ছীল কৰা হ’ব বুলি জনায় কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে।

“সীমান্ত এলেকাসমূহত সীমা পহৰা চকীসমূহৰ  জৰীপ, নিৰীক্ষণকাৰী সঁজুলি যোগান, চোৰাংচোৱা নেটৱৰ্ক শক্তিশালীকৰণ, বিপদসাধ্য এলেকাত সুৰংগ-ৰোধী পদক্ষেপ আৰু অসুবিধাজনক ঠাই যেনে নদী এলেকাসমূহত প্ৰযুক্তিগত সমাধান যোগানৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে,” তেওঁ জনায়।

 
আৰু চাওক পৰৱৰ্তী বাতৰি