বহিঃৰাজ্যত আৰক্ষীয়ে উলংগ কৰি প্ৰহাৰ কৰিলে অসমৰ যুৱতীক
News18-Assam Updated:September 5, 2019, 7:16 PM IST

Source-Google
কেইজনমান পুলিচে যুৱতীগৰাকীক ৰুমৰ ভিতৰলৈ লৈ যায় আৰু গাৰ কাপোৰ খুলিবলৈ বাধ্য কৰায়। প্ৰহাৰ কৰে গোপন অংগত
- News18 Assam
- Last Updated: September 5, 2019, 7:16 PM IST
ঘৰুৱা সহায়কাৰী হিচাপে গুৰুগ্ৰামত কৰ্মৰত যুৱতীগৰাকীৰ বিৰুদ্ধে ঘৰৰ মালিকে মঙলবাৰে চুৰিৰ অভিযোগ দাখিল কৰিছিল। কিন্তু যুৱতী গৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰাৰ পিছত আৰক্ষীৰ কাষ চাপে ঘৰৰ মালিক।
ঘৰৰ মালিকৰ অভিযোগৰ ভিত্তিত তদন্তকাৰী বিষয়া এ এছ আই মধুবালাই, যুৱতী গৰাকীক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। থানাত হাজিৰ হোৱাৰ পিছত কেইজনমান পুলিচে যুৱতীগৰাকীক ৰুমৰ ভিতৰলৈ লৈ যায় আৰু গাৰ কাপোৰ খুলিবলৈ বাধ্য কৰায়। সকলো কাপোৰ খুলি বেল্ট আৰু লাঠীৰে যুৱতীগৰাকীক নৃশংসভাৱে মাৰপিট কৰে। আৰক্ষীয়ে ইচ্ছাকৃত ভাবে মহিলাগৰাকীৰ গোপন অংগত প্ৰচণ্ডভাৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপিত কৰিছে যুৱতীগৰাকীৰ স্বামীয়ে।