অসমৰ যুৱতীক বহিঃৰাজ্যত উলংগ কৰি প্ৰহাৰ, NHRC–এ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰিলে জাননী

আৰক্ষীয়ে ইচ্ছাকৃত ভাবে মহিলাগৰাকীৰ গোপন অংগত প্ৰচণ্ডভাৱে প্ৰহাৰ কৰিছিল

News18-Assam
Updated:September 6, 2019, 3:41 PM IST
অসমৰ যুৱতীক বহিঃৰাজ্যত উলংগ কৰি প্ৰহাৰ, NHRC–এ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰিলে জাননী
Source-Google
News18-Assam
Updated: September 6, 2019, 3:41 PM IST
অসমৰ মহিলাক গুৰুগ্ৰামৰ আৰক্ষী থানাত উলংগ কৰি প্ৰহাৰ কৰা ঘটনাই  সমগ্ৰ দেশজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত এতিয়া গুৰুগ্ৰাম আৰক্ষী আয়ুক্তলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰেৰণ কৰিলে জাননী । গুৰুগ্ৰাম আৰক্ষী আয়ুক্তই জাননী প্ৰাপ্তিৰ ৪ সপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক প্ৰদান কৰিব লাগিব প্ৰতিবেদন ।

বুধবাৰে গুৰুগ্ৰামৰ এখন থানাত অসমৰ এগৰাকী মহিলাক উলংগ কৰি আৰক্ষীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । থানাত হাজিৰ হোৱাৰ পিছত কেইজনমান পুলিচে যুৱতীগৰাকীক ৰুমৰ ভিতৰলৈ লৈ যায় আৰু গাৰ কাপোৰ খুলিবলৈ বাধ্য কৰায়। সকলো কাপোৰ খুলি বেল্ট আৰু লাঠীৰে যুৱতীগৰাকীক নৃশংসভাৱে মাৰপিট কৰে। আৰক্ষীয়ে ইচ্ছাকৃত ভাবে মহিলাগৰাকীৰ গোপন অংগত প্ৰচণ্ডভাৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপিত কৰিছে যুৱতীগৰাকীৰ স্বামীয়ে।।

গুৰুগ্ৰামৰ এটা ঘৰত বনকৰা মহিলা হিচাপে কৰ্মৰত হৈ আছিল অসমৰ মহিলা গৰাকী । যোৱা ৩১ আগষ্টত ঘৰৰ মালিকে মহিলা গৰাকীৰ বিৰুদ্ধে চোৰ কৰাৰ অভিযোগ দি আৰক্ষীৰ কাষ চাপিছিল । আৰক্ষীয়ে তালাচীৰ নামত মহিলা গৰাকীক উলংগ কৰি প্ৰহাৰ কৰিছিল ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি