বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Indian Railway: ভাৰত আৰু বিশ্বৰ আটাইতকৈ দীঘল ৰে'ল ষ্টেচনটো ক'ত অৱস্থিত জানেনে?

Indian Railway: ভাৰত আৰু বিশ্বৰ আটাইতকৈ দীঘল ৰে'ল ষ্টেচনটো ক'ত অৱস্থিত জানেনে?

Indian Railway: ভাৰত আৰু বিশ্বৰ আটাইতকৈ দীঘল ৰে'ল ষ্টেচনটো ক'ত অৱস্থিত জানেনে?

India: দেশৰ কোন ৰাজ্যই লাভ কৰিলে এক বৃহৎ উপহাৰ?

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ভাৰত আৰু বিশ্বৰ সৰ্ববৃহৎ ৰে’লৱে প্লেটফৰ্ম দেওবাৰে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।  দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকত এই ৰে’ল ষ্টেচনটো উদ্বোধন কৰে।

শ্ৰীসিদ্ধাৰুধ স্বামীজী হুবলী ষ্টেচনে ইতিমধ্যে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্বীকৃতি লাভ কৰিছে। ইয়াত অৱস্থিত ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  প্লেটফৰ্মটোৱেই হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰে’লৱে প্লেটফৰ্ম।

উল্লেখযোগ্য যে উক্ত ষ্টেচনৰ ৮ নম্বৰ প্লেটফৰ্ম নিৰ্মাণৰ বাবে মুঠ ২০ কোটি টকা ব্যয় কৰা হৈছে। উক্ত প্লেটফৰ্মৰ দৈৰ্ঘ্য ১৫০৭ মিটাৰ।  দক্ষিণ পশ্চিম ৰে’লৱেই দাবী কৰিছে যে হুবলি ষ্টেচনত থকা প্লেটফৰ্মটো কেৱল দেশৰ ভিতৰতে দীঘলীয়া প্লেটফৰ্ম নহয়, ই বৰ্তমানে বিশ্বৰ ভিতৰতে দীঘলীয়া প্লেটফৰ্ম।

বিজ্ঞাপন

ইয়াৰ পূৰ্বে আটাইতকৈ দীঘলীয়া মঞ্চৰ খিতাপ লাভ কৰিছিল গোৰখপুৰ জংচনে।  ইয়াৰ মুঠ দৈৰ্ঘ্য আছিল ১৩৬৬.৩৩ মিটাৰ। কিন্তু এইবাৰ হুবলীৰ হাতত পৰাস্ত হ’ল গোৰখপুৰ। তৃতীয় স্থানত আছে কেৰালাৰ কোল্লাম জংচন। ইয়াৰ প্লেটফৰ্মৰ দৈৰ্ঘ্য ১১৮০.৫ মিটাৰ। হুবলীৰ মুখ্য জনসংযোগ বিষয়া অনিশ হেগড়ে জানিবলৈ দিয়ে যে হুবলী য়াৰ্ডৰ পুনৰ উন্নয়নৰ অংশ হিচাপে আটাইতকৈ দীঘলীয়া প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে।

উল্লেখযোগ্য যে পশ্চিমবংগৰ খড়গপুৰ এসময়ত দীঘলীয়া ৰে’লৱে প্লেটফৰ্মৰ বাবে জনাজাত আছিল। আনহতে ইয়াৰ পূৰ্বে হুবলি ষ্টেচনত পাঁচটা প্লেটফৰ্ম আছিল।  কিন্তু যাত্ৰীসকলৰ যাত্ৰা অধিক সহজ কৰিবলৈ প্লেটফৰ্মৰ সংখ্যা বৃদ্ধি কৰা হৈছে। এই ষ্টেচনত যাত্ৰীসকলৰ বাবে অতিৰিক্ত ৩টা প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি চহৰৰ মাজমজিয়াত থকাৰ বাবে তাত বিপুল জনসমাগম হয়। ফলত ৰে’লৱে কৰ্তৃপক্ষই এই সম্প্ৰসাৰণৰ সিদ্ধান্ত লয়।

বিজ্ঞাপন

আপোনালোকক জনাওঁ যে এই প্লেটফৰ্মৰ পৰা ৰে’ল ৩ দিশত যাব পাৰে। ইয়াত ১১৫ কোটি টকা ব্যয় কৰি সম্পূৰ্ণ ব্যৱস্থা পুনৰ নিৰ্মাণ কৰা হৈছে। ২০১৯ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পটো অৱশেষত সম্পূৰ্ণ হ’ল। হুবলি ষ্টেচনত ৰে’লৰ গতিবেগ প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ ৰখা হৈছে। তদুপৰি হুবলীলৈ অহা ৰে’লসমূহ এতিয়াৰে পৰা পোনপটীয়াকৈ প্লেটফৰ্মত ৰৈ থাকিব পাৰিব।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন