আজি ভাৰতে পালন কৰিছে ৭৬সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতাৰ এই অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লালকিল্লাৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱমবাৰৰ বাবে লালকিল্লাত উত্তোলন কৰিব তিৰংগা। এই বছৰটো ভাৰতৰ বাবে বিশেষ মহত্বপূৰ্ণ আৰু দেশে ইয়াক আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছত মোদী উপস্থিত হ’ব লালকিল্লাত তিৰংগা উত্তোলন কৰিব। ৭.৩০ বজাত মোদীৰ ভাষণ আৰম্ভ হ’ব।
স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। লালকিল্লাত এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৭০০০ অতিথিয়ে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় স্মাৰকৰ আশে–পাশে ১০,০০০ৰো অধিক আৰক্ষী নিয়োগ কৰা হৈছে। দিল্লী আৰক্ষীয়ে ড্ৰোণ আৰু ইউএভি আদিৰে যিকোনো সম্ভাৱ্য বিপদৰ মোকাবিলা কৰাৰ বাবে লালকিল্লাৰ অঞ্চলত ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত কাউণ্টাৰ ড্ৰোণ ছিষ্টেম ইনষ্টল কৰিছে, যিয়ে ৪ কিলোমিটাৰ পৰিধিত যিকোনো উৰি থকা সামগ্ৰী ট্ৰেক কৰি তাক নিষ্ক্ৰিয় কৰিব।
ইফালে, গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ৭৬সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পুৱা ৯ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিব তিৰংগা পতাকা। অসম বিধান সভা চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|