দেশে আজি স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উদযাপন কৰিছে। এই উৎসৱক আজাদী কা অমৃত মহোৎসৱ হিচাপে পালন কৰা হৈছে দেশজুৰি। কিমান সংঘৰ্ষৰ পিছত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল তাৰ পিছতে নতুন প্ৰজন্মই জনাতো অতি প্ৰয়োজন। আমি আপোনালোকক স্বাধীনতা দিৱসৰ বিষয়ে কেইটামান তথ্য জনাব বিচাৰিছো। আহক জানো আজিৰ দিনটোত এই প্ৰশ্নসমূহৰ উত্তৰ।
প্ৰশ্ন : ১৫ আগষ্ট ১৯৪৭ চনত স্বাধীনতা দিৱসৰ সমাৰোহত মহাত্মা গান্ধী উপস্থিত আছিল নে নাছিল?
উত্তৰ : নাছিল, মহাত্মা গান্ধী এই সমাৰোহত উপস্থিত নাছিল।
প্ৰশ্ন : ১৫ আগষ্টৰ দিনটোত ভাৰতৰ উপৰি কোন কোন দেশে নিজৰ স্বাধীনতা দিৱস পালন কৰে?
উত্তৰ : কোৰিয়া, কংগো, বাহৰেইন আৰু লিকটেনষ্টেইন।
প্ৰশ্ন : জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পদৰ শপত বাক্য কোনে পাঠ কৰাইছিল?
উত্তৰ : লৰ্ড মাউণ্টবেটেনে।
প্ৰশ্ন : জৱাহৰলাল নেহৰুৱে ‘ট্ৰিষ্ট উইথ ডেষ্টিনী’ ৱাষণ কেতিয়া আৰু ক’ত দিছিল?
উত্তৰ : ১৪ আগষ্টৰ মাজনিশা ৱাইছৰিগল লজ (বৰ্তমানৰ ৰাষ্ট্ৰপতি ভৱন)ত।
প্ৰশ্ন : ১৫ আগষ্টৰ দিনা কোন স্বাধীনতা সেনানীৰ জন্ম হৈছিল?
উত্তৰ : মহৰ্ষি অৰবিন্দো ঘোষৰ জন্ম হৈছিল।
প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : লৰ্ড মাউণ্টবেটেন।
প্ৰশ্ন : গোৱা ভাৰতৰ অংশ কেতিয়া হৈছিল?
উত্তৰ : ১৯৬১ চনত।
প্ৰশ্ন : ‘জন গণ মন’ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কেতিয়া হৈছিল?
উত্তৰ : ২৪ জানুৱাৰী ১৯৫০ত।
প্ৰশ্ন : ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰ নিৰ্ধাৰণ কেতিয়া হৈছিল?
উত্তৰ : ১৫ আগষ্ট ১৯৪৭ চনত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|