আজি দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021)। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। মোদীয়ে আশা প্ৰকাশ কৰে যে এই বৰ্ষটোৱে দেশবাসীৰ মনত নতুন শক্তি আৰু নৱচেতনাৰ সঞ্চাৰ কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ক্ৰমাগতভাৱে অষ্টমবাৰলৈ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰাজঘাটস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলত উপস্থিত বাপুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে কয়, ‘‘আপোনালোক সকলোলৈ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা। স্বাধীনতাৰ অমৃত মহোৎসৱে এই বৰ্ষটোত দেশবাসীলৈ নতুন শক্তি আৰু নৱচেতনাৰ সঞ্চাৰ কৰক। জয় হিন্দ!’
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিগত ৭৫ বছৰত দেশৰ বিকাশৰ যাত্ৰাত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ কথা উল্লেখ কৰি শনিবাৰে কয়, ‘‘মোৰ অনুভৱ যে স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া সেনানীসকলৰ সপোনক সাকাৰ কৰাৰ দিশত আৰু আগুৱাব লাগিব।’’
গৃহ মন্ত্ৰী অমিত শ্বাহেও দেশবাসীক শুভকামনা জনাইছে। তেওঁ কয়, ‘‘মোদীজীৰ নেতৃত্বত এফালে দেশে বিকাশ নতুন শিখৰ চুইছে, আনহাতে, গৰীৱ আৰু বঞ্চিত শ্ৰেণী মুখ্যধাৰাৰ সৈতে জড়িত হৈ গৌৰৱ অনুভৱ কৰিছে। আহক আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে, আমি নতুন ভাৰতৰ সমৃদ্ধি আৰু মোদীজীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰ্ণ কৰাত অংশীদাৰ হওঁ।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|