আজি দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন দিশ উল্লেখ কৰে। দেশৰ বিকাশৰ ধাৰাৰ পৰা কোৰোণা মহামাৰীলৈকে সকলো বিষয়ত বক্তব্য ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত কয় যে আজি গাঁওসমূহত ৮ কোটিৰো অধিক ভনী আত্মসহায়ক গোটৰ সৈতে জড়িত। তেওঁলোকে এটাৰ পিছত আনটো সুন্দৰ সামগ্ৰী প্ৰস্তুত কৰিছে। তেওঁলোকৰ সামগ্ৰীয়ে দেশ–বিদেশৰ বজাৰ দখল কৰিছে। ইয়াৰ বাবে এতিয়া চৰকাৰে ই–কমাৰ্চ প্লেটফৰ্ম প্ৰস্তুত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সৰু খেতিয়ক হওক দেশৰ গৌৰৱ, এয়া আমাৰ সপোন। আহিবলগীয়া বছৰসমূহত আমি দেশৰ ক্ষুদ্ৰ খেতিয়কৰ সামূহিক শক্তিক আৰু আগুৱাই নিব লাগিব। তেওঁলোকক নতুন সুবিধা দিব লাগিব। দেশৰ ৮০ শতাংশতকৈ অধিক খেতিয়কৰ ওচৰত ২ হেক্টৰতকৈ অধিক কম মাটি আছে। পূৰ্বে দেশত যি নীতি তৈয়াৰ হৈছিল, তাত এই সৰু কৃষকৰ ওপৰত যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেয়া থাকি গৈছিল। এতিয়া এই সৰু কৃষকসকলক গুৰুত্ব প্ৰদান কৰি সিদ্ধান্ত লোৱা হৈছে।
‘‘দেশে সংকল্প লৈছে যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৭৫ সপ্তাহত ৭৫খন বন্দে ভাৰত ৰে’ল দেশৰ প্ৰতিটো কোণক সংযুক্ত কৰিছে। আজি যি গতিৰে দেশত নতুন বিমানবন্দৰ নিৰ্মাণ হৈ আছে, উড়ান যোজনাই দূৰ–দূৰণিৰ অঞ্চলক সংযুক্ত কৰিছে, সেয়াও অভূতপূৰ্ব।’’ – ভাষণত উল্লেখ মোদীৰ।
মোদীয়ে ভাষণত কয়, ‘‘ভাৰতে আজি নিজৰ যুঁজাৰু বিমান নিৰ্মাণ কৰি আছে, ছাবমেৰিন নিৰ্মাণ কৰি আছে, গগনযানো নিৰ্মাণ কৰি আছে। বিকাশৰ পথত আগবাঢ়ি ভাৰতে মেনুফেকচাৰিং আৰু এক্সপ’ৰ্ট, দুয়োটাক আগবঢ়াব লাগিব। আপোনালোকে দেখিছে, কিছুদিন পূৰ্বে ভাৰতে নিজৰ প্ৰথমখন স্বদেশী এয়াৰক্ৰাফ্ট কেৰিয়াৰ আই এন এছ বিক্ৰান্তক সাগৰত পৰীক্ষণৰ বাবে নমোৱা হৈছে।মোদীয়ে কয়, মই সেইবাবে মেনুফেকচাৰাৰ্ছসকলক কওঁ, আপোনালোকৰ প্ৰতিটো প্ৰডাক্ট ভাৰতৰ ব্ৰেণ্ড এম্বেছাডৰ। যেতিয়া সেই প্ৰডাক্ট ব্যৱহাৰ কৰা হ’ব, সেয়া কিনোতাই ক’ব – হয়, এয়া মে়ড ইন ইণ্ডিয়া। দেশৰ সকলো মেনুফেকচাৰাৰ্ছে এই কথাটো বুজিব লাগিব, আপোনালোকে যি প্ৰডাক্ট বাহিৰলৈ প্ৰেৰণ কৰে সেয়া আপোনাৰ কোম্পানীত প্ৰস্তুত কৰা কেৱল এক প্ৰডাক্ট নহয়। ইয়াৰ সৈতে ভাৰতৰ চিনাকি জড়িত হৈ থাকে। প্ৰতিষ্ঠা জড়িত হৈ থাকে, ভাৰতৰ কোটি কোটি লোকৰ বিশ্বাস জড়িত থাকে।প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয়, আজি বিশ্ব এই কথাৰো সাক্ষী যে কিদৰে ভাৰতে নিজৰ গভৰ্নেন্সৰ নতুন অধ্যায় ৰচনা কৰিছে। মই আজি আহ্বান জনাওঁ, কেন্দ্ৰই হওক বা ৰাজ্যই, সকলোৰে বিভাগৰ পৰা, সকলো চৰকাৰী কাৰ্যালয়ৰ পৰা নিজৰ নিয়ম–প্ৰক্ৰিয়াৰ সমীক্ষাৰ অভিযান চলাওক। সেই সকলো নিয়ম–প্ৰক্ৰিয়া যি দেশৰ মানুহৰ বাবে বাধা হৈ, বোজা হৈ থিয় দিছে, সেয়া আমি দূৰ কৰিব লাগিব।প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আজি দেশৰ হাতত ২১ শতিকাৰ প্ৰয়োজন পূৰণ কৰিব পৰা নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ও আছে। যেতিয়া গৰীৱৰ কন্যা, গৰীৱৰ পুত্ৰ মাতৃভাষাত পঢ়ি প্ৰফেচনেল হ’ব তেতিয়া তেওঁৰ সামৰ্থ্যৰ সৈতে ন্যায় হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰু এটা বিশেষ কথা আছে, সেয়া হ’ল ইয়াত ক্ৰীড়াক মেইনষ্ট্ৰীম শিক্ষাৰ অংশ কৰা হৈছে।
মোদীয়ে কয়, এয়া দেশৰ বাবে গৌৰৱৰ কথা যে শিক্ষা হওক বা খেল, ব’ৰ্ডৰ ফলাফল হওক বা অলিম্পিক মেডেল, আমাৰ কন্যাসকলে আজি অভূতপূৰ্ব প্ৰদৰ্শন কৰিছে। আজি ভাৰতৰ কন্যাই নিজৰ স্থান ল’বলৈ আতুৰ। দুই–আঢ়ৈ বছৰ পূৰ্বে মিজোৰামৰ সৈনিক স্কুলত প্ৰথমবাৰ কন্যাৰ প্ৰৱেশ কবিবলৈ দিয়া হৈছিল। এথিয়া চৰকাৰে সিদ্ধান্ত লৈছে যে দেশৰ সকলো সৈনিক স্কুলত দেশৰ কন্যাৰ বাবে খোলা হ’ব।
মোদীয়ে কয় যে ভাৰতৰ প্ৰগতিৰ বাবে, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে ভাৰতৰ Energy Independent হোৱাটো অনিবাৰ্য। সেইবাবে আজি ভাৰতে সংকল্প ল’ব লাগিব যে আমি স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ভাৰতক Energy Independent বনাম।
মোদীয়ে কয়, আমি মিলিজুলি কাম কৰিব লাগিব Next Generation Infrastructureৰ বাবে। আমি মিলিজুলি কাম কৰিব লাগিব World Class Manufacturingৰ বাবে। আমি মিলিজুলি কাম কৰিব লাগিব Cutting Edge Innovationৰ বাবে আৰু আমি মিলিজুলি কাম কৰিব লাগিব New Age Technologyৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|