உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ‘জল জীৱন মিছন’ৰ বাবে চৰকাৰে খৰচ কৰিব ৩ লাখ ৫০ হাজাৰ কোটি টকা : মোদী

    ‘জল জীৱন মিছন’ৰ বাবে চৰকাৰে খৰচ কৰিব ৩ লাখ ৫০ হাজাৰ কোটি টকা : মোদী

    মোদীয়ে কয় – ভ্ৰষ্টাচাৰে আমাৰ দেশৰ বহু কল্পনা কৰিব নোৱাৰাভাৱে লোকচান কৰিছে। সেয়া নাইকীয়া কৰাৰ বাবে আমি নিৰন্তৰভাৱে প্ৰয়াস কৰিছো।

    মোদীয়ে কয় – ভ্ৰষ্টাচাৰে আমাৰ দেশৰ বহু কল্পনা কৰিব নোৱাৰাভাৱে লোকচান কৰিছে। সেয়া নাইকীয়া কৰাৰ বাবে আমি নিৰন্তৰভাৱে প্ৰয়াস কৰিছো।

    মোদীয়ে কয় – ভ্ৰষ্টাচাৰে আমাৰ দেশৰ বহু কল্পনা কৰিব নোৱাৰাভাৱে লোকচান কৰিছে। সেয়া নাইকীয়া কৰাৰ বাবে আমি নিৰন্তৰভাৱে প্ৰয়াস কৰিছো।

    • Share this:
      লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰধামন্ত্ৰী মোদীয়ে কয় যে আজি ভাৰতত প্ৰায় অৰ্ধেক সংখ্যক লোকৰ খোৱাপানীৰ অভাৱ। সেয়ে প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী পাবৰ বাবে ‘জল জীৱন মিছন’ আৰম্ভ কৰিম। ৩ লাখ ৫০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব এই মিছনৰ বাবে। পানীৰ ক্ষেত্ৰত বিগত ৭০ বছৰত যি কাম হৈছে, আমি ৫ বছৰত তাতকৈ ৫গুণ অধিক কাম কৰিব লাগিব। যেতিয়া পানী শেষ হয়, প্ৰকৃতিৰ কাম শেষ হয়, বিনাশ আৰম্ভ হয়। স্বচ্ছ অভিযানৰ দৰেই, জল সংৰক্ষণৰ অভিযান আগুৱাই নিব লাগিব।

      মোদীয়ে ভাষণত কয় – জনসংখ্যা বিস্ফোৰণ আমাৰ বাবে, আহিবলগা প্ৰজন্মৰ বাবে সংকটৰ সৃষ্টি কৰিব। সৰু পৰিয়ালৰ যোগেদিও দেশভক্তি প্ৰকাশ কৰিব পাৰি। আমি ঘৰলৈ শিশু এটি অহাৰ আগতে চিন্তা কৰিব লাগিব যে আমি শিশুটিৰ সকলোবোৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষমনে? জনসংখ্যা বিস্ফোৰণক লৈ আমি চিন্তা কৰিব লাগিব। আমি অশিক্ষিত সমাজৰ বিষয়ে ভাবিব নোৱাৰো। জনতা শিক্ষিত নহ’লে, ঘৰো সুখী নহয়, দেশো সুখী নহয়।

      মোদীয়ে কয় – ভ্ৰষ্টাচাৰে আমাৰ দেশৰ বহু কল্পনা কৰিব নোৱাৰাভাৱে লোকচান কৰিছে। সেয়া নাইকীয়া কৰাৰ বাবে আমি নিৰন্তৰভাৱে প্ৰয়াস কৰিছো। কিন্তু এই ৰোগ ইমান গুৰুতৰ যে আমি আৰু অধিক প্ৰয়াস কৰিব লাগিব। এয়া সকলো স্তৰতে কৰিব লাগিব কাৰণ এয়া পুৰণি ৰোগৰ দৰেই। ভাল হোৱাৰ পিছত পুনৰ ঘূৰি আহে। বিগত ৫ বছৰত চৰকাৰত অহাৰ পিছতে ‘ভাল’ লোকসকলক বিদায় দিয়া হৈছে।
      First published: