দেশৰ আধুনিক আন্তঃগাঁথনিৰ বাবে ১০০ লাখ কোটি খৰচ কৰা হ’ব বুলি মন্তব্য মোদীৰ।
দেশৰ আধুনিক আন্তঃগাঁথনিৰ বাবে ১০০ লাখ কোটি খৰচ কৰা হ’ব বুলি মন্তব্য মোদীৰ।
স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীয়ে কয় যে বৰ্তমান মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিছে। মোদীয়ে কয় – এটা সময় আছিল, কাগজে–পত্ৰই নিৰ্ণয় লোৱা হয় যে কোনো ঠাইত এটা ৰে’লৱে ষ্টেচন নিৰ্মাণ কৰা হ’ব। মাহ–বছৰ ধৰি সেয়া আলোচনা হৈছিল যে আমাৰ ইয়াত এটা নতুন ৰে’ল ষ্টেচন হ’ব। কিন্তু এতিয়া সময় সলনি হৈছে। আজি সাধাৰণ নাগৰিক ৰে’লৱে ষ্টেচন পোৱাতে সন্তুষ্ট নাথাকে, তেওঁলোকে এয়া সোধে যে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ আমাৰ অঞ্চললৈ কেতিয়া আহিব? আজি যদি এটা ধুনীয়া বাছ আস্থান নিৰ্মাণ কৰো, পঞ্চতাৰকা ৰে’লৱে ষ্টেচন নিৰ্মাণ কৰো, জনসাধাৰণে নকয় যে ভাল কাম কৰিছো। তেওঁলোকে সুধিব বিমানবন্দৰ কেতিয়া হ’ব? পূৰ্বে মানুহে সুধিছিল যে আমাৰ ইয়াত পকীপথ কেতিয়া হ’ব? আজি মানুহে সোধে চাৰিলেন হ’ব নে ছয়লেন? পূৰ্বে মানুহে ম’বাইল পালেই সন্তুষ্ট হৈছিল, কিন্তু আজি সোধে যে ডাটাৰ স্পীড কিমান? সময়ৰ এই পৰিৱৰ্তন আমি বুজিব লাগিব।
দেশৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো নিজৰ ভাষণত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে কয় – আমাৰ আমাৰ দেশখনক আধুনিক আন্তঃগাঁথনিৰে আগবঢ়াব লাগিব। দেশৰ আধুনিক আন্তঃগাঁথনিৰ বাবে ১০০ লাখ কোটি খৰচ কৰা হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|