মোদীয়ে কয় যে ক’লা ধন আৰু ভ্ৰষ্টাচাৰ শেষ কৰিবৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। বিগত ৭০ বছৰত এই ব্যাধিয়ে দেশক পিছলৈ ঠেলি দিছিল।
মোদীয়ে কয় যে ক’লা ধন আৰু ভ্ৰষ্টাচাৰ শেষ কৰিবৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। বিগত ৭০ বছৰত এই ব্যাধিয়ে দেশক পিছলৈ ঠেলি দিছিল।
৭৩সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পতাকা উত্তোলনৰ পিছত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ভাষণত মোদীয়ে ভাৰতৰ সেনা বাহিনীক লৈ কৰে এক ডাঙৰ ঘোষণা। মোদীয়ে কয় যে ভাৰতৰ সেনা বাহিনীত ‘চীফ অৱ ডিফেন্স ষ্টাফ’ পদৰ ব্যৱস্থা কৰা হ’ব। দেশৰ তিনিও সেনা বাহিনীৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হ’ব ‘চীফ অৱ ডিফেন্স ষ্টাফ’। ভাৰতৰ সামৰিক ক্ষেত্ৰত এই পদে এক গুৰুত্বপূৰ্ণ
পৰিৱৰ্তনৰ কাম কৰিব।
ক’লা ধনৰ প্ৰসংগও ভাষণত উল্লেখ মোদীৰ। মোদীয়ে কয় যে ক’লা ধন আৰু ভ্ৰষ্টাচাৰ শেষ কৰিবৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। বিগত ৭০ বছৰত এই ব্যাধিয়ে দেশক পিছলৈ ঠেলি দিছিল। আমি সকলোৱে মিলি সততাক সন্মান কৰিব লাগিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|