২ অক্টোবৰত প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সংকল্প লোৱাৰো পোষকতা কৰে মোদীয়ে। প্লাষ্টিক ব্যৱহাৰৰ বিপদৰ পৰা মুক্তিৰ বাবে দেশবাসীক আহ্বান জনায় মোদীয়।
২ অক্টোবৰত প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সংকল্প লোৱাৰো পোষকতা কৰে মোদীয়ে। প্লাষ্টিক ব্যৱহাৰৰ বিপদৰ পৰা মুক্তিৰ বাবে দেশবাসীক আহ্বান জনায় মোদীয়।
লালকিল্লাত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি সকলোৱে মিলি দেশক ক’লৈ লৈ যাম, এই সংকল্পৰে যুঁজাটো এতিয়া দেশৰ দাবী। ১৩০ কোটি দেশবাসীয়ে সৰু সৰু বস্তু লৈ আগবাঢ়িলে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি অসম্ভৱ নহয়। স্বাধীনতাৰ ৭০ বছৰৰ বিকাশ যাত্ৰাত আমাৰ দেশৰ অৰ্থনীতি আছিল ২ ত্ৰিলিয়ন ডলাৰ। কিন্তু ২০১৪ৰ পৰা ২০১৯লৈ ৫ বছৰত ২ ত্ৰিলিয়নৰ পৰা ৩ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হ’লগৈ ভাৰত। আগন্তুক ৫ বছৰত ভাৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হ’ব।
মোদীয়ে কয় যে বিশ্বই কেৱল ভাৰতক বজাৰৰ দৃষ্টিৰে চায়, আমিও বিশ্বৰ বজাৰত প্ৰৱেশৰ বাবে সকলো প্ৰয়াস কৰিম। আমাৰ প্ৰতিখন জিলাত বিশ্বৰ সৰু সৰু একোখন দেশৰ শক্তি আছে। আমি এই সম্ভাৱনীয়তাৰ কথা বুজিব লাগিব। আমাৰ দেশৰ পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰে মোদীয়ে।
মোদীয়ে কয় যে আজি আমাৰ সৈতে বাণিজ্যৰ বাবে সমগ্ৰ বিশ্ব আগ্ৰহী। আমাৰ চৰকাৰে মূল্যবৃদ্ধি কম কৰিছে, বিকাশৰ হাৰ বৃদ্ধি কৰিছে। শান্তি আৰু সুৰক্ষা বিকাশৰ অনিবাৰ্য অংশ। সন্ত্ৰাসবাদ বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰভাৱে যুঁজ দিছো। বিশ্বৰ যিকোনো কোণত সন্ত্ৰাসবাদৰ ঘটনা মানৱতাৰ বিৰুদ্ধে যুঁজ। একাংশ লোকে ভাৰতকে নহয়, চুবুৰীয়া ৰাষ্ট্ৰকো সন্ত্ৰাসবাদেৰে জৰ্জৰিত কৰিছে। চাৰিদিন পিছত হ’বলগীয়া আফগানিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে মোদীয়ে।
২ অক্টোবৰত প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সংকল্প লোৱাৰো পোষকতা কৰে মোদীয়ে। প্লাষ্টিক ব্যৱহাৰৰ বিপদৰ পৰা মুক্তিৰ বাবে দেশবাসীক আহ্বান জনায় মোদীয়। দেশৰ দোকানীসকলক মোদীয়ে আহ্বান জনায় যে আপোনালোকে গ্ৰাহকক প্লাষ্টিক বেগ নুসুধিবৰ বাবে ছাইনব’৸ৰ্ড লগাওক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|