GSTৰ মাধ্যমেৰে ONE NATION ONE TAX প্ৰক্ৰিয়াক সাকাৰ কৰিছো – মোদী
GSTৰ মাধ্যমেৰে ONE NATION ONE TAX প্ৰক্ৰিয়াক সাকাৰ কৰিছো – মোদী
লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ৰ বিৰোধিতা কৰাসকলক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। মোদীয়ে কয় – যিসকলে অনুচ্ছেদ ৩৭০ক লৈ ওকালতি কৰে, সেইসকলক দেশে সুধিছে, যদি এই ৩৭০ অনুচ্ছেদ বা ৩৫(এ) ইমান গুৰুত্বপূৰ্ণই আছিল, তেন্তে ৭০ বছৰ ধৰি কিয় স্থায়ী নকৰিলে। ইয়াৰ অৰ্থ এয়ে যে ইয়াক সংশোধন কৰাৰ সাহস নাছিল।
নিজৰ ভাষণত মোদীয়ে কয় যে ৩৭০ আৰু ৩৫(এ)ৰ ফলত কিছু বাধাও আহিছে। কিন্তু আজি প্ৰতিজন ভাৰতীয়ই ক’ব পাৰে, ONE NATION, ONE CONSTITUTION। GSTৰ মাধ্যমেৰে ONE NATION ONE TAX প্ৰক্ৰিয়াক সাকাৰ কৰিছো। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সপোনক সাকাৰ কৰিবলৈ আৰু নতুনত্ব আনিব লাগিব।
লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি দৰিদ্ৰতাৰ পৰা মুক্ত হ’ব লাগিব। বিগত ৫ বছৰত দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত বহু সফলতা লাভ কৰা হৈছে। দৰিদ্ৰ লোকে যেতিয়া সন্মান পাব, মনত স্বাভিমান জাগিব, তেতিয়া দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ ভয় নকৰে। দৰিদ্ৰৰ আত্মসন্মান, আত্মবিশ্বাসক, তেওঁলোকৰ স্বাভিমানক সামৰ্থ্য দিয়াৰ বাবে আমি প্ৰয়াস কৰিছো।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|