ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় – ১০ সপ্তাহৰ ভিতৰতে বহু কাম কৰিলে চৰকাৰে। কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ কৰা হ’ল।
ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় – ১০ সপ্তাহৰ ভিতৰতে বহু কাম কৰিলে চৰকাৰে। কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ কৰা হ’ল।
আজি ৭৩সংখ্যক স্বাধীনতা দিৱস। ষষ্ঠবাৰলৈ লালকিল্লাত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। পতাকা উত্তোলন কৰাৰ পিছতে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাষণৰ আৰম্ভণিতে দেশবাসীক স্বাধীনতা দিৱসৰ লগতে পৱিত্ৰ ৰক্ষা বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে মোদীয়ে। নিজৰ ভাষণৰ আৰম্ভণিতে মোদীয়ে দেশৰ স্বাধীনতা সেনানীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে মোদীয়ে।
ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় – ১০ সপ্তাহৰ ভিতৰতে বহু কাম কৰিলে চৰকাৰে। কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ কৰা হ’ল। এই অনুচ্ছেদ প্ৰত্যাহাৰ কৰি ছৰ্দাৰ পেটেলৰ সপোন সাকাৰ কৰিছো। সংসদত তিনি তালাক বিধেয়ক গৃহীত হ’ল। মুছলমান ভনীসকলক ওপৰত তিনি তালাকৰ তৰোৱাল ওলমি আছিল। তেওঁক জীয়াই থাকিবলৈ দিয়া হোৱা নাছিল। বিশ্বৰ কেইবাখনো ইছলামিক দেশে এই প্ৰথাক বহু আগতেই নাইকীয়া কৰিলে। কিন্তু আমি পিছ পৰি আছিলো। যদি আমি ভ্ৰুণ হত্যাৰ বিৰুদ্ধে থিয় দিব পাৰো, শিশুৰ অধিকাৰৰ বাবে মাত মাতিব পাৰো, বিভিন্ন অনিময়ৰ বিৰুদ্ধে থিয় দিব পাৰো, তিনি তালাক প্ৰথা কিয় নাইকীয়া কৰিব নোৱাৰো? সেয়েহে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।
ভাষণত মোদীয়ে কয় যে বিগত ৭০ বছৰত যি কাম হোৱা নাছিল, নতুন চৰকাৰ গঠনৰ ৭০ দিন পিছতে সেই কাম সম্ভৱ হ’ল। জম্মু–কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ৩৭০ অনুচ্ছেদ। জম্মু–কাশ্মীৰৰ নাগৰিকৰ আশা–আকাংক্ষা পূৰণ কৰাটো আমাৰ কৰ্তব্য। এই কৰ্তব্য পালনৰ বাবে যি বাধাৰ সন্মুখীন হৈছো, তাক দূৰ কৰাৰ চেষ্টা কৰিছো।
মোদীয়ে বানত আক্ৰান্ত লোকসকললৈও সহমৰ্মিতা প্ৰকাশ কৰে। বন্যাৰ্তক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস মোদীৰ। মোদীয়ে কয় – ৯০ হাজাৰ কোটি টকা কৃষকৰ একাউণ্টত দিয়া হৈছে। কৃষকৰ বাবে ব্যৱস্থা কৰা হৈছে পেঞ্চনৰ। জল সংৰক্ষণৰ বাবে সুকীয়া জল আয়োগ গঠন কৰা হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|