সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ মাজত কাৰ ক্ষমতা বেছি? মোদী–শ্বাহৰ পিছত ভাৰতৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি এজন অসমীয়া

Indian Express নামৰ ইংৰাজী দৈনিক খনে প্ৰকাশ কৰিছে এই তালিকা।

News18
Updated:September 30, 2019, 2:04 PM IST
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ মাজত কাৰ ক্ষমতা বেছি? মোদী–শ্বাহৰ পিছত ভাৰতৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি এজন অসমীয়া
Indian Express নামৰ ইংৰাজী দৈনিক খনে প্ৰকাশ কৰিছে এই তালিকা।
News18
Updated: September 30, 2019, 2:04 PM IST
পাৰ্থ জ্যোতি বৰা, নতুন দিল্লীঃ আজি প্ৰকাশ পোৱা ভাৰতৰ ১০০ জন ক্ষমতাশালী ব্যক্তিৰ তালিকাত তৃতীয় স্থান দখল কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে । প্ৰথম স্থান দখল কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয় স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ । Indian Express নামৰ ইংৰাজী দৈনিক খনে প্ৰকাশ কৰা এই তালিকা অনুসৰি ন্যায়াধীশ গগৈ মোদী-শ্বাহৰ পাছতে দেশৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি।

আনহাতে ক্ষমতাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বহু দুৰত এৰি আগবাঢ়ি গল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই তালিকাখনত ৫৬তম স্থান দখল কৰিছে শৰ্মাই । মুখ্যমন্ত্ৰী সোনোৱাল অন্তৰ্ভুক্ত নহল এই ১০০ জনীয়া তালিকা খনত । এইবাৰ দুজন অসমীয়াই স্থান পাইছে এই তালিকাত ।
আৰু চাওক পৰৱৰ্তী বাতৰি