মুখ্যপৃষ্ঠা »খবৰ »দেশ »Income Tax Survey on BBC: বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান, কৰ্মচাৰীৰ ফোন জব্দ

Income Tax Survey on BBC: বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান, কৰ্মচাৰীৰ ফোন জব্দ

 বিবিচিয়ে বিবৃতি দিয়ে- ''আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। এই পৰিস্থিতি অতি সোনকালে সমাধান হ'ব বুলি আমি আশাবাদী।''

বিবিচিয়ে বিবৃতি দিয়ে- ''আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। এই পৰিস্থিতি অতি সোনকালে সমাধান হ'ব বুলি আমি আশাবাদী।''

বিবিচিয়ে বিবৃতি দিয়ে- ''আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। এই পৰিস্থিতি অতি সোনকালে সমাধান হ'ব বুলি আমি আশাবাদী।''

  • Share this:

ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেচন চমুকৈ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিবিচিৰ কাৰ্যালয় ছীল কৰি সকলো কৰ্মচাৰীৰ ফোন জব্দ কৰা হৈছে। কৰ্মচাৰীসকলক ঘৰলৈ যাবলৈ কোৱা হৈছে। বিবিচিৰ লণ্ডনস্থিত মুখ্য কাৰ্যালয়কো আয়কৰৰ এই ছাৰ্ভেৰ বিষয়ে অৱগত কৰা হৈছে।


বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হোৱাত আয়কৰ বিভাগে বিবিচিৰ প্ৰায় ২০-২২টা ঠাইত এই ছাৰ্ভে কৰে (Income Tax  Survey  at BBC Offices in India)। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৫-২০ জন সদস্যৰে গঠিত আয়কৰ বিভাগৰ দল বিবিচিৰ কাৰ্যালয়ত উপস্থিত হৈ ছাৰ্ভে আৰম্ভ কৰে। কৰ্মচাৰীসকলক অফিচৰ ভিতৰলৈ অহা-যোৱা কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে, বিবিচিত আই টিৰ ছাৰ্ভেৰ খবৰৰ পিছত কংগ্ৰেছ দলে চৰকাৰক আক্ৰমণ কৰে। কংগ্ৰেছে টুইট কৰি কয় যে প্ৰথমে তেওঁলোকে বিবিচিৰ তথ্যচিত্ৰখন নিষিদ্ধ কৰিছিল আৰু এতিয়া আয়কৰ বিভাগে বিবিচিত অভিযান চলাইছে। এয়া এক অঘোষিত জৰুৰীকালীন অৱস্থা।


আনহাতে, কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে বিবিচিৰ কার্যালয়ত আই টিৰ ছাৰ্ভে সন্দর্ভত কয় যে আয়কৰ বিভাগে সময়ে সময়ে এনে জৰীপ কৰে৷ এই বিষয়ে বিভাগে অধিক তথ্য দিব।


ইপিনে সংবাদ সংস্থা এএনআইৰ সূত্ৰ অনুসৰি ভাৰতৰ বিবিচিৰ কাৰ্যালয়ত কৰা আয়কৰ বিভাগৰ ছাৰ্ভেৰ বিষয়টো যুক্তৰাজ্য চৰকাৰে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে (national broadcaster of the United Kingdom)।


আয়কৰ বিভাগৰ ছাৰ্ভে সন্দৰ্ভত বিবিচিয়ে বিবৃতি দিয়ে- ''আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। এই পৰিস্থিতি অতি সোনকালে সমাধান হ'ব বুলি আমি আশাবাদী।''

শেহতীয়া বাতৰি