Budget 2020:চাকৰিয়ালৰ কাৰণে বেয়া খবৰ, এতিয়া PF কৰ্তন কৰালেও নাবাচিব Income Tax

News18 Assam | News18-Assam
Updated:February 1, 2020, 7:05 PM IST
Budget 2020:চাকৰিয়ালৰ কাৰণে বেয়া খবৰ, এতিয়া PF কৰ্তন কৰালেও নাবাচিব Income Tax
Photo : moneycontrol.com

চাকৰিয়ালসকলৰ কাৰণে এটা বেয়া খবৰ! এতিয়া PF কটালেও নাবাচিব Income Tax, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেট ২০২ত টেক্সৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ পূৰ্বে লাভ কৰা বিনিয়োগৰ দ্বাৰা লাভ কৰা বিভিন্ন ধৰণৰ ৰেহাই এৰিব লাগিব। 

  • Share this:
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নতুন সাধাৰণ বাজেটত কৰ ৰেহাইৰ সুবিধা ল’বলৈ বহুকেইটা চৰ্ত আৰোপ কৰা হৈছে। এই নতুন ব্যৱস্থাত আয়কৰৰ চেকশ্যন 80C, 80D, 24ৰ অধীনত সকলো ধৰণৰ ৰেহাই সমাপ্ত হ’ব।

80C আৰু 80Dৰ অধীনত সকলো ৰেহাই সমাপ্ত

নতুন ব্যৱস্থা অনুসৰি যদি আপুনি এম্পপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড (PF) কৰ্তন কৰিছে তেতিয়াও আপুনি 80Cৰ অধীনত আয়কৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই লাভ নকৰে। চৰকাৰে নতুন ব্যৱস্থাৰ অধীনত কৰ ৰেহাইৰ কাৰণে বহুকেইটা চৰ্ত আৰোপ কৰিছে। ইয়াৰ মতে, আপুনি এই লাভ উঠাবলৈ 80C আৰু 80Dৰ অধীনত বিভিন্ন ৰেহাই এৰিব লাগিব। নতুন টেক্স ব্যৱস্থাত সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চৰ্ত হৈছে এই ৰেহাইসমূহ ত্যাগ কৰা। নতুন কৰ ব্যৱস্থাত আয়কৰৰ 80C, 80D, 24ৰ অধীনত পোৱা সকলো ধৰণৰ ৰেহাইৰ লাভ শেষ কৰা হৈছে।

LIC, ইউলিপ বা সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰিও নাপাব আয়কৰৰ ৰেহাই।
এইসমূহ আঁচনিত বিনিয়োগ কৰিলে এতিয়া লাভ নাপায়

সহজ শব্দত ক’বলৈ গ’লে আপোনাৰ দৰমহা ৫লাখৰ অধিক হয় আৰু আপুনি নতুন ব্যৱস্থাৰ নিৰ্বাচন কৰিলে আপুনি 80Cৰ অধীনত LIC, PPF, NSC, ইউলিপ, টিউশ্যন ফীজ, মিউচুৱেল ফাণ্ড ELSS, হোম লোন, পেন্সন ফাণ্ড, বেংকত থকা টাৰ্ম ডিপ’জিট, পোষ্ট অফিচত ৫বছৰৰ ডিপ’জিট আৰু সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰাৰ কাৰণে কৰৰ ৰেহাই লাভ নকৰে। একেদৰে, 80Dৰ অধীনত স্বাস্থ্য বীমাৰ ওপৰতো কৰৰ ৰেহাই এৰিব লাগিব। নতুন কৰ ব্যৱস্থাৰ অধীনত সকলো কৰদাতাই ৰেহাই সহ আৰু ৰেহাই অবিহনে টেক্স গণনা কৰিব লাগিব। নতুন ব্যৱস্থাত ৰেহাইৰ লাভ এৰাৰ পিছত টেক্সপেয়াৰ্ছে কৰ ৰেহাইৰ কাৰণে ইন্সুৰেন্স ক্ৰয় নকৰিব।

কোনো ধৰণৰ বিনিয়োগ নকৰা সকলে নতুন বাজেটত আয়কৰৰ পৰা লাভান্বিত হ’ব। যিসকলে কেতিয়াও কোনোধৰণৰ বিনিয়োগ কৰা নাই তেওঁলোকৰ লাভ হ’ব।

আয়কৰৰ নতুন পাঁচটা শ্লেব

প্ৰথম–৫লাখ টকাৰ পৰা ৭.৫লাখলৈকে উপাৰ্জনত ১০% আয়কৰ

দ্বিতীয়-৭.৫লাখ টকাৰ পৰা ১০লাখ টকালৈকে ১৫% আয়কৰ

তৃতীয়–১০ৰ পৰা ১২.৫লাখলৈকে উপাৰ্জনত ২০% আয়কৰ

চতুৰ্থ–১২.৫লাখ টকাৰ পৰা ১৫লাখ টকালৈকে উপাৰ্জনত ২৫% আয়কৰ

পঞ্চম–১৫লাখ টকাৰ পৰা অধিক উপাৰ্জনৰ সকলে ৩০% আয়কৰ ভৰিব লাগিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি