আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কোৰোণা মহামাৰীৰ পিছত এইবাৰ বাজেটকলৈ অতি আশাবাদী দেশৰ সৰ্বস্তৰৰ লোক।
বহুতে আশা কৰি আছিল যে, এইবাৰ বাজেটে আয়কৰ পৰিশোধৰ ক্ষেত্ৰত কিছু সকাহ দিব মধ্যবৰ্গৰ লোকসকলক। পিছতে কাৰ্যত সেয়া হৈ নুঠিল। ২০২২-২৩ বৰ্ষৰ বাজেটত আয়কৰ পৰিশোধকলৈ কোনো ধৰণৰ সালসলনি নকৰিলে কেন্দ্ৰীয় চৰকাৰে। কিন্তু কৰ্পৰেট টেক্স ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ১৫ শতাংশ কৰা হৈছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত কয় যে, ITRৰ আঁসোৱাহ সমূহ শুধৰণি কৰিবলৈ ২ বছৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। বিত্তমন্ত্ৰীয়ে লগতে কৈছে যে, টেক্স চিষ্টেমত শুধৰণি প্ৰক্ৰিয়া চলি থাকিব। চৰকাৰৰ টেক্স ৰিফৰ্ম লোনৰ আঁচনি আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|