আয়কৰ ৰেহাইৰ পৰা ৰাইজক কি কি ডাঙৰ সকাহ দিব পাৰে বাজেটে? আৰ্থিক সমীক্ষাই দিছে সংকেত

News18 Assam | News18-Assam
Updated:January 31, 2020, 7:48 PM IST
আয়কৰ ৰেহাইৰ পৰা ৰাইজক কি কি ডাঙৰ সকাহ দিব পাৰে বাজেটে? আৰ্থিক সমীক্ষাই দিছে সংকেত
আয়কৰৰ শ্লেবত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় বাজেটত।

আয়কৰৰ শ্লেবত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় বাজেটত।

  • Share this:
সাধাৰণ বাজেট ২০২০ত ইনকাম টেক্স (Income Tax Slab Changes) পৰিৱৰ্তন অৰ্থাৎ আয়কৰৰ উৰ্ধসীমাৰ ক্ষেত্ৰত সাধাৰণ কৰদাতাই ডাঙৰ সকাহ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সংকেত শুকুৰবাৰে দাখিল কৰা আৰ্থিক সমীক্ষাৰ পৰা পোৱা গৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে সংসদত আৰ্থিক সমীক্ষা ২০১৯–২০(Economic Survey 2020) দাখিল কৰে। এই সমীক্ষাত আশা কৰা হৈছে যে চৰকাৰে বাজেট ২০২০ত ব্যক্তিগত কৰদাতাসকলক আয়কৰৰ ক্ষেত্ৰত ৰেহাই ঘোষণা কৰিব পাৰে। লগতে আন্তঃগাথনি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰো ঘোষণা কৰিব পাৰে। আপোনাক জনাও যে, কৰপৰেট টেক্সৰ কৰ্তনৰ পিছত পাৰ্চনেল টেক্সৰ ক্ষেত্ৰতো কৰ্তনৰ দাবী জোৰদাৰ হৈছে। অৰ্থনীতিত ডিমাণ্ড আৰু কনজাম্পচন বৃদ্ধি কৰিবলৈ পাৰ্চনেল ইনকাম টেক্সৰ ৰেহাই যথেষ্ট জৰুৰী হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে সাধাৰণ কৰদাতাসকলক ৰেহাই প্ৰদান কৰি ইক’নমীৰ চাহিদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হ’ব পাৰে। বিগত কেবাবছৰৰ পৰা ইনকাম টেক্সৰ চেকশ্যন 80Cৰ অধীনত ৰেহাই বৃদ্ধি কৰাৰ দাবী কৰা হৈছে। 

আয়কৰৰ শ্লেবত পৰিৱৰ্তনৰ সম্ভাৱনা

>> সাধাৰণ বাজেটক লৈ এইবাৰ মধ্যবিত্তীয় লোক আৰু বেতনভোগী কৰ্মচাৰীসকলে সকলোতকৈ বেছি আশা ইনকাম টেক্সৰ শ্লেবৰ কৰ্তনক লৈ কৰি আছে।

>> বৰ্তমান ২.৫লাখ টকা পৰ্যন্ত উপাৰ্জনত কোনো কৰ দিব নালাগে আৰু ২.৫লাখৰ পৰা ৫লাখ টকা পৰ্যন্ত বছৰি উপাৰ্জনৰ ক্ষেত্ৰত ৫শতাংশ টেক্স দিব লাগে।

>> ইয়াৰ পিছত ৫লাখৰ পৰা ১০লাখ টকা পৰ্যন্ত উপাৰ্জনত ২০শতাংশ টেক্স দিব লাগে। ইয়াৰ ওপৰৰ উপাৰ্জনৰ ক্ষেত্ৰত এই কৰৰ পৰিমান ৩০শতাংশ।

>> বিত্তীয় উপদেষ্টাসকলে ৫লাখ টকা পৰ্যন্ত বছৰেকীয়া উপাৰ্জনৰ লোকসকলৰ কৰ সম্পূৰ্ণ ৰেহাই দিবলৈ কৈছে। ৫লাখৰ পৰা ১০লাখ পৰ্যন্ত উপাৰ্জনৰ সকলক ১০শতাংশ আৰু ১০লাখৰ পৰা ২০লাখ টকা পৰ্যন্ত উপাৰ্জন কৰোতাসকলক ২০শতাংশ আৰু ২০লাখৰ ওপৰৰ উপাৰ্জন কৰোতাসকলৰ ওপৰত ৩০শতাংশ কৰ আদায় দিবলৈ কোৱা হৈছে।

6 বছৰৰ পৰা 80Cৰ অধীনত কৰ ৰেহাই বৃদ্ধি হোৱা নাইঃ চাকৰিয়াল সকলৰ কাৰণে ইনকাম টেক্সৰ 80Cৰ অধীনত লাভ কৰা কৰ ৰেহাই সকলোতকৈ ডাঙৰ সকাহ। বিগত ছয়বছৰৰ পৰা এই সীমাৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। বৰ্তমান এই ৰেহাই 1.5 লাখ টকা। লাইফ ইন্সুৰেন্স, পিএফ বৰঙনি, ল’ৰা–ছোৱালীৰ টিউশ্যন ফীজ, হাউছিং লোনৰ মূলধনৰ বৰঙনি আৰু পিপিএফত থোৱা টকা এই সকলোবোৰ 80Cৰ অধীনত আহে। ইমানবোৰ বস্তু সামৰি লোৱাৰ কাৰণে ৰেহাইৰ ডেৰ লাখ টকা অতি সহজেই অতিক্ৰম হয়।

NPSৰ ক্ষেত্ৰতো পাব পাৰে ৰেহাই

সাধাৰণ বাজেট ২০২০ৰ পৰা NPS অৰ্থাৎ নেচনেল পেন্সন স্কীমৰ বৰঙনিৰ সীমাও বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বৰ্তমান 50 হাজাৰ টকালৈকে বিনিয়োগত টেক্স ৰেহাই পায়। ইয়াক এক লাখ টকালৈ বৃদ্ধিৰ দাবী কৰা হৈছে।

বিশেষজ্ঞসকলৰ মতে যি হাৰত দাম বৃদ্ধি হৈছে আৰু কষ্ট অৱ লিভিং বাঢ়িছে। অৱসৰৰ পিছত মানুহৰ ওচৰত এটা ডাঙৰ পূঁজি থকাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইয়াৰ জৰিয়তে ৰিটায়াৰমেণ্ট ফাণ্ডত ছেভিংছ বৃদ্ধি কৰাৰো সুবিধা পোৱা যাব। নেচনেল পেন্সন স্কীমত বেছি ফাণ্ড অহাও চৰকাৰৰ কাৰণে আন্তঃগাথনি উন্নয়নৰ আঁচনিৰ কাৰণে লাভদায়ক হ’ব।

যদি ইনফ্ৰাষ্টাকচাৰ বণ্ডত দ্বিতীয়বাৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত টেক্স ফ্ৰী কৰিব লাগে তেনেহ’লে বেলেগ চেকশ্যনক অধীনত ইয়াক নাৰাখি 80Cৰ অধীনতো ৰাখিব পৰা যাব পাৰে। ইয়াৰ জৰিয়তে ইনফ্ৰাষ্টাকচাৰৰ বিনিয়োগৰ ক্ষেত্ৰতো বৃদ্ধি হ’ব আৰু পূঁজিৰ সমস্যাৰ সৈতে যুঁজি থকা চৰকাৰৰ কাৰণেও ভাল হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি