আয়কৰ জমা দিয়াৰ অন্তিম তাৰিখ পিছুৱালে ৩০জুনলৈ, আধাৰ–পেন কাৰ্ড সংযোগৰ সময়সীমাও বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 24, 2020, 4:25 PM IST
আয়কৰ জমা দিয়াৰ অন্তিম তাৰিখ পিছুৱালে ৩০জুনলৈ, আধাৰ–পেন কাৰ্ড সংযোগৰ সময়সীমাও বৃদ্ধি
Source-Google

বছৰি ৫কোটিৰ কম উপাৰ্জন কৰাজনে দিব নালাগে জৰিমনা। জনালে নিৰ্মলা সীতাৰমণে। 

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত গৃহবন্দী সমগ্ৰ দেশ। এই অৱস্থাত সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। নিৰ্মলা সীতাৰমণে জনায় যে ২০১৮–১৯ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দিয়াৰ অন্তিম তাৰিখ পিছুৱাই ৩০জুন কৰা হৈছে।

কেৱল ৰিটাৰ্ণ জমা দিয়াৰ তাৰিখেই নহয়, এই ক্ষেত্ৰত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে। কেন্দ্ৰৰ ঘোষণা যে যিসকলৰ বাৰ্ষিক উপাৰ্জন ৫কোটি টকাৰ কম সেইসকলে আয়কৰ দেৰীকৈ দিয়াৰ কোনো লেট ফীজ দিব নালাগে। কম হ’ব সুদৰ হাৰো। পূৰ্বে দেৰীকৈ টকা জমা কৰিলে সুদ লোৱা হৈছিল ১৯শতাংশ। এতিয়া সেয়া হ্ৰাস কৰি ৯শতাংশ কৰা হ’ল।

কোৰোণাৰ প্ৰকোপত সমগ্ৰ দেশত ব্যৱসায় স্তব্ধ হৈ থকাৰ সময়ত কেন্দ্ৰৰ এই ঘোষণাই ব্যৱসায়ীসকলক যথেষ্ট স্বস্তি প্ৰদান কৰাৰ আশা কৰা হৈছে।

আধাৰ–পেন কাৰ্ডৰ সংযোগৰ সময় বৃদ্ধি

আধাৰ আৰু পেন কাৰ্ড সংযোগৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। নতুন তাৰিখ হৈছে ৩০জুন। এপ্ৰিল–জুন মাহৰ জিএছটি জুনতো দিব পাৰিব। মাৰ্চ–মে’ মাহৰ জিএছটি জুন মাহত দিব পৰা যাব। দেৰী কৰিলে জিএছটিৰ জৰিমনা দিব নালাগে। জনায় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পূৰ্বে পেন–আধাৰ সংলগ্ন কৰাৰ অন্তিম সময়সীমা আছিল ৩১মাৰ্চ।
আৰু চাওক
পৰৱৰ্তী বাতৰি