• Home
  • »
  • News
  • »
  • nation
  • »
  • IT Raids: কোৰোণা কালত সৰ্বাধিক ঔষধ বিক্ৰী কৰি বিপদত এইটো ফাৰ্মা কোম্পানী

IT Raids: কোৰোণা কালত সৰ্বাধিক ঔষধ বিক্ৰী কৰি বিপদত এইটো ফাৰ্মা কোম্পানী

সাংকেতিক ছবি

সাংকেতিক ছবি

IT Raids: বিষয়াসকলে জনোৱা মতে, অন্যান্য চহৰত অৱস্থিত কোম্পানীটোৰ আৰু ইয়াৰ বিতৰকসকলৰ স্থানসমূহো তালাচীৰ অধীনত অনা হ'ব।

  • Share this:
কৰ ফাঁকিৰ অভিযোগত বুধবাৰে আয়কৰ বিভাগে বেংগালুৰুস্থিত এটা ফাৰ্মা কোম্পানী মাইক্ৰ’ লেবছ লিমিটেডৰ চৌহদত তালাচী (IT Raids) চলায়। এই কোম্পানীয়ে ‘ড’লো-৬৫০’ টেবলেট (tablet dolo 650)  প্ৰস্তুত কৰে যিটো যোৱা দুবছৰতকৈ অধিক সময় ধৰি কোভিড-১৯ ৰোগীয়ে ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে।

বিষয়াসকলে জনোৱা মতে, বিভাগটোৱে অনুসন্ধানৰ সময়ত বিত্তীয় নথি-পত্ৰ, বেলেন্স শ্বীট আৰু বিতৰকসকলৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰিছিল। পিটিআই-ভাষাই কোম্পানীটোৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰশ্নসমূহ আয়কৰ বিভাগলৈ প্ৰেৰণ কৰিছে, যাৰ উত্তৰৰ বাবে অপেক্ষা কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, অন্যান্য চহৰত অৱস্থিত কোম্পানীটোৰ আৰু ইয়াৰ বিতৰকসকলৰ স্থানসমূহো তালাচীৰ অধীনত অনা হ'ব। কোম্পানীটোৱে নিজৰ ৱেবছাইটত কয় যে তেওঁলোকে ফাৰ্মা সামগ্ৰী আৰু ‘সক্ৰিয় ঔষধ উপাদান’ প্ৰস্তুত কৰে আৰু দেশত ১৭টা উৎপাদন ইউনিটৰ লগতে বিদেশতো ব্যৱসায় আছে। কোম্পানীটোৰ প্ৰধান ফাৰ্মা প্ৰডাক্টসমূহৰ ভিতৰত আছে ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীক দিয়া ঔষধ ড’লো-৬৫০।

উল্লেখ্য যে এই কোম্পানীয়ে Corona মহামাৰীৰ সময়ত বহুত টকা উপাৰ্জন কৰিছিল। ২০২০ বৰ্ষত ক’ৰোনা মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা কোম্পানীটোৱে ড’লো-৬৫০ৰ ৩৫০ কোটি টেবলেট বিক্ৰী কৰিছিল। বিক্ৰীৰ ক্ষেত্ৰত এই কোম্পানীয়ে বাকী কোম্পানীবোৰ অতিক্ৰমী বিক্ৰীৰ ৰেকৰ্ড গঢ়িছিল। কোৱা হৈছে যে এই কোম্পানীটোৱে এবছৰত ৪০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল।
Published by:Manjumoni Borah
First published: