ITR জমা দিওতে সাৱধান! আয়কৰ বিভাগে সকিয়ালে একাংশ মেচেজে খালী কৰিব পাৰে পকেট

আয়কৰ বিভাগে দেশৰ প্ৰতিজন কৰদাতাক এলাৰ্ট কৰিছে। কৰ বিভাগৰ মতে ভুৱা টেক্স ৰিফাণ্ড মেচেজ একেবাৰেই বিশ্বাস নকৰিব। 

News18
Updated:July 12, 2019, 2:34 PM IST
ITR জমা দিওতে সাৱধান! আয়কৰ বিভাগে সকিয়ালে একাংশ মেচেজে খালী কৰিব পাৰে পকেট
আয়কৰ বিভাগে দেশৰ প্ৰতিজন কৰদাতাক এলাৰ্ট কৰিছে। কৰ বিভাগৰ মতে ভুৱা টেক্স ৰিফাণ্ড মেচেজ একেবাৰেই বিশ্বাস নকৰিব। 
News18
Updated: July 12, 2019, 2:34 PM IST
আয়কৰ বিভাগে দেশৰ প্ৰতিজন কৰদাতাক এলাৰ্ট কৰি দিছে। কৰ বিভাগৰ মতে, ভুৱা টেক্স ৰিফাণ্ড মেচেজসমূহ একেবাৰে বিশ্বাস নকৰিব। নিজৰ বেংক একাউণ্ট, পিন, অটিপি, পাচৱৰ্ড আৰু অন্যান্য ফাইনেন্স সম্পৰ্কীয় তথ্য কোনো অজ্ঞাত ব্যক্তিৰ সৈতে ভাগ বটোৱাৰা নকৰিব। আয়কৰ বিভাগে এই সন্দৰ্ভত এচএমএছ আৰু ইমেইলৰ জৰিয়তে  ৰেজিষ্টাৰ্ড কৰদাতাসকলক সজাগ কৰিবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে দীঘলীয়া সময় ধরি দেশৰ বহু লোকক প্ৰৱঞ্চকে ঠগিবলৈ ভুৱা আয়কৰৰ মেচেজ প্ৰেৰণ কৰি আহিছে। ইয়াত বেংক ডিটেইল সহ বিভিন্ন তথ্য বিচৰা হয়। ইয়াৰ বাবেই আয়কৰ বিভাগে নিজৰ ৱেবছাইটত কৰদাতাসকলক সজাগ কৰিবলৈ এই তথ্য সংলগ্ন কৰিছে। আয়কৰ বিভাগৰ মতে বিভাগে কেতিয়াও কাকো ফোন, এছএমএছ অথবা ইমেইল কৰি কৰদাতাক ডেবিট বা ক্ৰেডিট কাৰ্ডৰ পিন, অটিপি, পাচৱৰ্ড অথবা কোনো তথ্য বিচৰা নাই।

পিছে কেনেকৈ চিনি পাব ভুৱা মেচেজ, আয়কৰ বিভাগে দিছে টিপছঃ

 

যি আইডিৰ পৰা মেইল আহিছে ভালকৈ চাওক তাত হয় বানান ভুল থাকিব বা আয়কৰ বিভাগৰ ৱেবছাইটৰ সৈতে মিল থকা বেলেগ এটা নাম থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি