আয়কৰ বিভাগৰ এলাৰ্ট! এনেকুৱা SMS–এ খালী কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট

ভুৱা লিংক থকা SMS বা লিংক খুলিলে আপুনি সৰ্বস্বান্ত হ’ব পাৰে।

News18-Assam
Updated:September 19, 2019, 12:32 PM IST
আয়কৰ বিভাগৰ এলাৰ্ট! এনেকুৱা SMS–এ খালী কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট
ভুৱা লিংক থকা SMS বা লিংক খুলিলে আপুনি সৰ্বস্বান্ত হ’ব পাৰে।
News18-Assam
Updated: September 19, 2019, 12:32 PM IST
আয়কৰ বিভাগে আকৌ সকীয়নি জাৰি কৰিছে সাধাৰণ ৰাইজৰ বাবে। দৰাচলতে আইটি বিভাগৰ লোকে ভুৱা মেচেজ পঠিয়াই কৰদাতাক কৰা প্ৰৱঞ্চনাৰ বিষয়ে জনাইছে। জানো আহক সম্পূৰ্ণ বিষয়।

দেশৰ একাংশ কৰদাতাই ইনকাম টেক্স ৰিফাণ্ডক লৈ ভুৱা ইমেইল আৰু SMS লাভ কৰি আছে। এই SMSবোৰ অৱশ্যে বিশ্বাসযোগ্য নহয়। এইকাৰণে আয়কৰ বিভাগে মানুহক প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ এডভাইজৰী জাৰি কৰিছে। মেচেজত কোৱা হৈছে যে, আপুনি তলৰ লিংকত ক্লিক কৰক আৰু এই লিংকৰ জৰিয়তে আপুনি টেক্স ৰিফাণ্ড লাভ কৰিব। এনেকুৱা প্ৰৱঞ্চনাৰ মেচেজত থকা এটা Url হৈছে http://151.80.90.62/ITRefund। আয়কৰ বিভাগে কৈছে যে একাংশ টেক্সপেয়াৰে এই ভুৱা SMS আৰু ইমেইল লাভ কৰিছে। তেওঁলোকে হয়তো এই লিংক সঁচা বুলি ভাবিছে কিন্তু ঘূণাক্ষৰেও যাতে এই লিংকত ক্লিক নকৰে। 

এজন কৰদাতাই এই SMS লাভ কৰাৰ পিছত আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু SMSটো টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ সুধিছিল যে এই SMSটো সঁচা নে কি? বিভাগৰ মতে তেওঁলোকে কাকো এনে মেচেজ পঠিওৱা নাই আৰু এয়া সম্পূৰ্ণ ভুূৱা।

SMS পালে কি কৰিব?

যদি আপুনি এনে SMS পাইছে তেনেহ’লে সেয়া তাৎক্ষণিকভাৱে IT বিভাগক জনাওক। চেক কৰিবলৈ টুইটাৰ হেণ্ডেল অথবা অফিচিয়েল মেইল আই–ডিৰে যোগাযোগ কৰিব পাৰে।



ভুৱা SMS ধৰা পেলোৱাৰ পদ্ধতি

আয়কৰ বিভাগে এনে ভুৱা এছএমএছ ধৰা পেলোৱাৰ পদ্ধতি জনাইছে। বিভাগে জনাইছে যে, তেওঁলোকে কোনো কৰদাতাক ইমেইল বা SMSত কোনো তথ্য নিবিচাৰে। যদি আপোনাৰ পৰা PIN, পাছৱৰ্ড, ক্ৰেডিট কাৰ্ড বা বেংক একাউণ্টৰ তথ্য বিচৰা হৈছে তেনেহ’লে কোনো কাৰণতে সেয়া নিদিব।

কেনেকৈ আপোনাৰ ক্ষতি কৰিব পাৰে প্ৰৱঞ্চকে

যদি আপুনি কোনো ভুৱা লিংক থকা SMS লাভ কৰে আৰু তাত আপুনি ক্লিক কৰে তেনেহ’লে এয়া বিপজ্জনক হ’ব পাৰে। কিয়নো লিংক খোলাৰ লগে লগে আপোনাৰ পৰা ইউজাৰ নেম, পাছৱৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ তথ্য বিচাৰিব পাৰে আৰু ভুলতেও যদি আপুনি গোপন তথ্য দিলে তেনেহ’লে ইয়াৰ ফলাফল বিষম হ’ব পাৰে। য
আৰু চাওক পৰৱৰ্তী বাতৰি