• Home
  • »
  • News
  • »
  • nation
  • »
  • মহাৰাষ্ট্ৰৰ ব্যৱসায়ীৰ ঘৰত আয়কৰৰ তালাচী, ৫৮ কোটি নগদ, ৩২ কিলোগ্ৰাম সোণ জব্দ

মহাৰাষ্ট্ৰৰ ব্যৱসায়ীৰ ঘৰত আয়কৰৰ তালাচী, ৫৮ কোটি নগদ, ৩২ কিলোগ্ৰাম সোণ জব্দ

প্ৰায় ৩৯০ কোটি টকাৰ অবৈধ সম্পত্তি জব্দ কৰে আয়কৰ বিভাগে। ইয়াৰ ভিতৰত ৫৮ কোটি টকা নগদ ধন, ৩২ কিলোগ্ৰাম সোণ, হীৰা–মুক্তাৰ টুকুৰা আৰু বহু সম্পত্তিৰ নথি–পত্ৰ আছে।

  • Share this:
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিৰ পিছত এতিয়া আয়কৰ বিভাগৰ তৎপৰতা। পশ্চিম বংগৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত আয়কৰ বিভাগৰ তালাচীত ওলাল কোটি কোটি টকা। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগে ষ্টীল, কাপোৰ ব্যৱসায়ী আৰু ৰিয়েল ইষ্টেট ডেভেল’পাৰৰ ঠিকনাত অভিযান চলাই জব্দ বৃহৎ পৰিমাণৰ বেনামী সম্পত্তি। প্ৰায় ৩৯০ কোটি টকাৰ অবৈধ সম্পত্তি জব্দ কৰে আয়কৰ বিভাগে। ইয়াৰ ভিতৰত ৫৮ কোটি টকা নগদ ধন, ৩২ কিলোগ্ৰাম সোণ, হীৰা–মুক্তাৰ টুকুৰা আৰু বহু সম্পত্তিৰ নথি–পত্ৰ আছে।

এই অভিযানত জব্দ হোৱা টকা গণিবলৈ আয়কৰ বিভাগক ১৩ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। আয়কৰ বিভাগে ১ৰ পৰা ৮ আগষ্টৰ ভিতৰত এয়া তৃতীয়টো অভিযান। আয়কৰ বিভাগৰ নাছিক ব্ৰাঞ্চে এই অভিযান চলাইছিল। কাপোৰ আৰু ষ্টীল ব্যৱসায়ীজনৰ ঘৰত জব্দ হোৱা ধন জালনাৰ স্থানীয় ষ্টেট বেংকৰ শাখালৈ নি গণনা কৰে। পুৱা ১১ বজাৰ পৰা টকা গণাৰ কাম আৰম্ভ হৈছিল আৰু নিশা প্ৰায় ১ বজাত শেষ হয় টকা গণনাৰ কাম।

আয়কৰ বিভাগে ব্যৱসায়ীজনৰ ঘৰ আৰু কাৰখানাত অভিযান চলায়। অৱশ্যে ঘৰত অভিযানকাৰী দলে একো নাপালে, কিন্তু চহৰৰ বাহিৰৰ ফাৰ্মহাউছত নগদ ধন আৰু সোণ–হীৰাসহ বহু নথি–পত্ৰ জব্দ কৰে।
Published by:Sanjay Kumar Das
First published: