আৰক্ষীয়ে জব্দ কৰা ভাং খালে নিগনিয়ে। ৫০০ কিলোগ্ৰামতকৈও অধিক ভাং খাই শেষ কৰাৰ এই তথ্য আদালতত দিছে উত্তৰ প্ৰদেশৰ মথুৰাৰ আৰক্ষীয়ে।
নাৰ্ক'টিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট (১৯৮৫) অনুসৰি স্থাপিত আদালতত দাখিল কৰা প্ৰতিবেদন মতে, শ্বেৰগড় আৰু হাইৱে আৰক্ষী থানাত জব্দ কৰি গুদামত মজুত কৰি ৰখা ৫০০ কিলোগ্ৰামতকৈ অধিক গাঞ্জা নিগনিয়ে "খাইছিল"।
চলিত বৰ্ষৰ আৰম্ভণিতে আদালতে এন ডি পি এছ আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰত উদ্ধাৰ কৰা গাঞ্জা দাখিল কৰিবলৈ মথুৰা আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছত আৰক্ষীয়ে এই তথ্য উত্থাপন কৰে আদালতত। আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি নিগনিবোৰ সৰু হ'লেও আৰক্ষীক ভয় নকৰে।
এই কথা শুনি অতিৰিক্ত জিলা ন্যায়াধীশে মথুৰাৰ এছ এছ পি অভিষেক যাদৱক ৬০ লাখ টকাৰ ৫৮১ কেজি গাঞ্জা নিগনিয়ে খোৱাৰ প্ৰমাণ দাঙি ধৰিবলৈ কয়। আৰু নিৰ্দেশ দিয়ে যে "নিগনিৰ ভাবুকি" থানাৰ পৰা নাইকিয়া কৰিব লাগে। এই দিশত আদালতে পৰৱৰ্তী দিনত আৰু শুনানি গ্ৰহণৰ ব্যৱস্থা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|